ETV Bharat / sitara

কিয় নিৰাশ হৈছে জনপ্ৰিয় কন্ঠশিল্পী জীনা ৰাজকুমাৰী ?

author img

By

Published : Apr 8, 2020, 9:27 PM IST

সমাগত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু ৷ এই হেঁপাহৰ বতৰত কৰ'ণাই আতংক সৃষ্টি কৰাৰ লগতে নিৰাশ কৰিছে সমগ্ৰ অসমবাসীক ৷ কৰ'ণাই ম্লান কৰিব নেকি এইবাৰ ৰঙালীৰ ৰং ? কি অনুভৱ জনপ্ৰিয় কন্ঠশিল্পী জীনা ৰাজকুমাৰীৰ ?

assamese artist jeena rajkumari on lock down and bihu festival
কিয় নিৰাশ হৈছে জনপ্ৰিয় কন্ঠশিল্পী জীনা ৰাজকুমাৰী ?

গুৱাহাটী,8 এপ্ৰিলঃ চেনেহৰ ব'হাগৰ বিহুলৈ আৰু কেইটামান দিন বাকী। কিন্তু মহামাৰীৰ এই অৱস্থাই অস্থিৰ কৰি ৰাখিছে সমগ্ৰ বিশ্বক । তেনেস্থলত উৎসৱ পার্বণ অথবা যিকোনো অনুষ্ঠানৰ আয়োজনৰ বাবে প্ৰস্তুত নহয় মানৱ জাতি। দেশৰ সুৰক্ষাৰ খাতিৰত 21 দিনৰ লক ডাউন ঘোষণা কৰা হ'ল সমগ্ৰ দেশতে। প্ৰতি বছৰৰ দৰে বিহুক আদৰিবলৈ সেই মানসিক উদ্যম তথা পৰিৱেশ এই সময়ত নাই । অসমৰ প্ৰতিজন লোকৰ লগতে এনে সময়ত সাংস্কৃতিক জগতৰ সৈতে জড়িত প্ৰতিজন ব্যক্তি ব্যস্ত হৈ পৰে বিহুৰ আগমুহূৰ্তত ।

কিন্তু এইবাৰ সেই উৎসাহ নাই সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ মাজত । মঞ্চ বিহুৰ বাবে এইবাৰ সাজু নহয় শিল্পীসকল । কৰ'ণাৰ আতংকৰ বাবে নিৰাশ হৈ পৰিছে কন্ঠশিল্পী জীনা ৰাজকুমাৰী ৷ লক ডাউনৰ পৰিপ্ৰেক্ষিতত কন্ঠশিল্পী জীনা ৰাজকুমাৰীয়ে ৰাজ্যৰ লগতে দেশ-বিদেশৰ চুকে কোণে থকা তেওঁৰ বহু অনুষ্ঠান বাতিল কৰিছে । তেওঁৰ দৰে এতিয়া প্ৰতিগৰাকী সাংস্কৃতিক জগতৰ সৈতে জড়িত লোক বিমুখ হোৱাৰ লগতে প্ৰতিজন অসমীয়া ব'হাগ বিহুৰ মাদকতাৰ পৰা বিৰত থাকিব ।

লগতে পঢ়কঃগীতেৰে ৰাইজক সজাগ কৰাৰ চেষ্টা নিলোৎপল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.