পাঠশালা,৯ ডিচেম্বৰঃ ছহিদৰ ত্যাগৰ প্ৰকৃত মূল্য দিবলৈ চৰকাৰক আহ্বান অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ ৷ কেবৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে শিল্পী সমাজ ৷ পাঠশালাত কেবৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিলে অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷ ধৰ্মৰ ভিত্তিত বিভাজন কেতিয়াও সমৰ্থন নকৰে বুলি উল্লেখ কৰে অভিনেত্ৰী গৰাকীয়ে ৷ চৰকাৰক কেব বাতিল কৰিবলৈ অনুৰোধ অন্যথা ইতিহাসৰ পৃষ্ঠাত প্ৰতিনিধি সকল কলংকিত খলনায়ক লৈ পৰিণত হ'ব বুলি কোৱাৰ লগতে আছুৰ আন্দোলনলৈ মুকলি সমৰ্থন বৰষাৰাণী বিষয়াৰ ৷ শীঘ্ৰেই আছুৰ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিব বুলি জনায় অভিনেত্ৰীগৰাকীয়ে ৷
লগতে পঢ়কঃ জাতিৰ স্বাৰ্থত বিজেপি দল ত্যাগ অভিনেতা ৰবি শৰ্মাৰ