চিটাৰা, 2 নৱেম্বৰ: আহিবলগীয়া ছবি ভেড়িয়াত দেখিবলৈ পোৱা যাব বলীউড তাৰকা বৰুণ ধাৱন আৰু কৃতী চেননক ৷ অমৰ কৌশিকৰ পৰিচালনাত নিৰ্মাণ হ'ব ছবিখন ৷
- " class="align-text-top noRightClick twitterSection" data="
">
দিলৱালেত ৰোমাঞ্চকৰ অভিনয় কৰা বৰুণ আৰু কৃতী, কৌশিকৰ আগন্তুক শিৰোনামত থাকিব ৷ যিখন ছবি মূলতঃ "দৈত্য ব্যংগাত্মক" হিচাপে দেখিবলৈ পোৱা যাব বুলি ভিন্ন সূত্ৰত প্ৰকাশ পাইছে ৷ তথাপিও ছবি খনৰ বিষয়ে কোনো বিশেষ তথ্য বৰ্তমানলৈ প্ৰকাশ কৰা নাই নিৰ্মাতা দলে ৷ ছবি উদ্যোগত হোৱা ভিন্ন চৰ্চাৰ পৰা অৱগত হোৱা মতে, নিৰ্মাতাসকলে 2021 চনৰ জানুৱাৰীত তেওঁলোকৰ এই পৰিকল্পনাক আগলৈ আনিব বুলি আশা কৰা হৈছে ৷
পূৰ্বতে প্ৰকাশিত কেতবোৰ প্ৰতিবেদনত বৰুণৰ ABCD 3 ছবিখনৰ সহ-অভিনেত্ৰী শ্ৰদ্ধা কাপুৰক ভেড়িয়াৰ মহিলা চৰিত্ৰত লোৱা হ'ব বুলি প্ৰকাশ পাইছিল ৷ কিন্তু সেই প্ৰতিবেদনক নাকচ কৰি ছবিখনত মহিলাৰ চৰিত্ৰত কৃতী চেননেহে অভিনয় কৰিব বুলি উল্লেখ কৰে প্ৰযোজক দীনেশ বিজনে ৷
লগতে পঢ়ক: এটি পুত্ৰ সন্তানৰ অভিভাৱক হ'ল অমৃতা ৰাও-আৰ.জে অনমোল