ETV Bharat / sitara

'দ্য গাৰ্ল অন দ্য ট্ৰেইন'ৰ ট্ৰেইলাৰ মুকলি - এমিলি ব্লাণ্টৰ ৰিমেক

মুক্তি পালে পৰিণীতি চৌপ্ৰা অভিনীত ছবি 'দ্য গাৰ্ল অন দ্য ট্ৰেইন'ৰ ট্ৰেইলাৰ । ৰিভু দাসগুপ্তা নিৰ্দেশিত ছবিখনৰ কাহিনী ৰহস্যৰে ভৰা । ছবিখন ২০১৬ চনত একে নামতে মুক্তি লাভ কৰা এখন হলীউড ছবিৰ ৰিমেক ।

'দ্য গাৰ্ল অন দ্য ট্ৰেইন'ৰ ট্ৰেইলাৰ মুকলি

author img

By

Published : Jan 13, 2021, 4:51 PM IST

চিটাৰা ডেস্ক, ১৩ জানুৱাৰী: 'দ্য গাৰ্ল অন দ্য ট্ৰেইন'ৰ জৰিয়তে দৰ্শকক আপ্লুত কৰিবলৈ সাজু বলীউড অভিনেত্ৰী পৰিণীতি চৌপ্ৰা । ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে । 'দ্য গাৰ্ল অন দ্য ট্ৰেইন'ৰ নিৰ্দেশনা কৰিছে ৰিভু দাসগুপ্তাই । একে নামৰ এখন হলীউড ছবিৰ ৰিমেক হিচাপে ছবিখন নিৰ্মাণ কৰা হৈছে । ছবিখনত পৰিণীতি চৌপ্ৰাই এগৰাকী সুৰাসক্ত মহিলাৰ চৰিত্ৰ ৰূপায়ণ কৰিছে, যাৰ ইতিমধ্যে বিবাহ বিচ্ছেদ ঘটিছে আৰু তেওঁ এগৰাকী সন্ধানহীন ব্যক্তিৰ গোচৰৰ তদন্তৰ সৈতে জড়িত ।

নেটফ্লিক্সে ১৩ জানুৱাৰীত 'দ্য গাৰ্ল অন দ্য ট্ৰেইন'ৰ ট্ৰেইলাৰ টুইটযোগে শ্বেয়াৰ কৰে । লগতে নেটফ্লিক্সে দৰ্শকক পৰিণীতিৰ ৰসহ্যকৰ যাত্ৰাত সংগ দিবলৈ আহ্বান জনায় আৰু এই যাত্ৰাত তেওঁলোকক নিজৰ দায়িত্ব নিজেই ল'ব লাগিব বুলিও সকিয়াই দিয়ে । ট্ৰেইলাৰ শ্বেয়াৰ কৰি টুইটত লিখা হৈছে যে, এখন প্ৰাণৱন্ত চহৰ, নিৰস পুৱা আৰু ৰে'লেৰে যাত্ৰা কৰি থকা এগৰাকী যুৱতী । ছবিখনৰ ট্ৰেইলাৰে এক ৰোমাঞ্চকৰ কাহিনীৰ আভাস দিছে । ছবিখনত অদিতি ৰাও হাইদৰী, কীৰ্তি কুলহাৰী আৰু অভিনাশ তিৱাৰীয়েও অভিনয় কৰিছে । অহা ২৬ ফেব্ৰুৱাৰীত নেটফ্লিক্সত ছবিখন মুক্তি দিয়া হ'ব ।

লগতে পঢ়ক:আকৰ্ষণীয় বেলী নৃত্য প্ৰদৰ্শন জাহ্নৱী কাপুৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.