ETV Bharat / sitara

চেন্নাইৰ হোটেলৰ কোঠাত তামিল অভিনেত্ৰী চিটাৰাৰ আত্মহত্যা - -hotel-room_tuesday

তামিল টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী চিটাৰা কামাৰাজৰ আত্মহত্যা । পাণ্ডিয়ান ষ্ট'ৰছ নামৰ ধাৰাবাহিকখনৰ বাবে অধিক জনপ্ৰিয় হৈ পৰিছিল অভিনেত্ৰীগৰাকী । বুধবাৰে চেন্নাইৰ এখন বিলাসী হোটেলত উদ্ধাৰ হয় অভিনেত্ৰীগৰাকীৰ মৃতদেহ ।

তামিল টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী চিটাৰা কামাৰাজৰ আত্মহত্যা

author img

By

Published : Dec 9, 2020, 12:52 PM IST

চিটাৰা ডেস্ক, ৯ ডিচেম্বৰ: আত্মহননৰ পথ বাচি ল'লে তামিল টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী চিটাৰা কামাৰাজে । বুধবাৰে চেন্নাইৰ নাজৰথপেটস্থিত এখন হোটেলৰ কোঠাত ২৯ বছৰীয়া অভিনেত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় । হোটেল কৰ্তৃপক্ষই এই বিষয়ে জনোৱাৰ পিছতে নাজৰথপেট আৰক্ষীয়ে এক গোচৰ ৰুজু কৰে আৰু সোধা-পোচা আৰম্ভ কৰে । চিত্ৰা নামৰ ৱেবলয়ডৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আৰক্ষীয়ে কৈছে যে, ঘটনাৰ বিষয়ে ফোনযোগে হোটেল কৰ্তৃপক্ষই জনোৱাৰ পিছতে আৰক্ষী হোটেলত উপস্থিত হয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ কিলপাউক চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰে ।

আৰক্ষীয়ে এতিয়া মৃত্যুৰ কাৰণ উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে । জনপ্ৰিয় তামিল ধাৰাবাহিক ছৰভনান মীনাক্ষীৰ দ্বিতীয় সংস্কৰণত এটা সৰু চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল চিটাৰাই । অভিনেত্ৰীগৰাকীৰ মৃত্যুৱে তামিল টেলিভিছন জগতত শোকৰ ছাঁ পেলাইছে । ছ'ছিয়েল মিডিয়াত চিটাৰা মৃত্যুৰ বাতৰি ভাইৰেল হোৱাৰ পিছতে অনুৰাগী আৰু বন্ধু-বৰ্গই শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰে । উল্লেখ্য যে, যোৱা আগষ্ট মাহত অভিনেত্ৰীগৰাকীয়ে চেন্নাইৰ এগৰাকী ব্যৱসায়ীৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন হৈছিল ।

লগতে পঢ়ক:অধিক গছপুলি ৰোপনৰ বাবে ৰাইজক আহ্বান সঞ্জয় দত্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.