ETV Bharat / sitara

চনু চুডৰ মতে বৰ্তমান সময়ত আটাইতকৈ মহান দান হৈছে নিযুক্তি

author img

By

Published : Jul 4, 2021, 10:25 PM IST

চনু চুডৰ এক বিশেষ টুইট মতে বৰ্তমানৰ এনে পৰিস্থিতিৰ সময়ত আপুনি আনক যদি সহায় কৰিব বিচাৰে তেনেহ'লে নিযুক্তি দিয়াৰ দৰে মূল্যৱান কাম একো হ'ব নোৱাৰে । যিতু সময়ত কৰ'ণা এই পৰিস্থিতিৰ মাজতে বহু লোকে সংস্থাপন হেৰুৱাইছে তেনে সময়তে অভিনেতাগৰাকী এই টুইটে বিশেষ তাৎপৰ্য বহন কৰিছে । উল্লেখ্যে যে চনু চুডে অলপতে তেওঁৰ সুদ চেৰিটি ফাউণ্ডেচনৰ জৰিয়তে বিনামূলীয়া CA শিক্ষা প্ৰদান কৰাৰ বাবে এক প্ৰচেষ্টা আৰম্ভ কৰিছে ।

Sonu Sood
চনু সুদৰ মতে বৰ্তমান সময়ত আটাইতকৈ মহান দান হৈছে নিযুক্তি

চিটাৰা ডেস্ক, ৪ জুলাই : কৰ'ণা মহামাৰীয়ে সমগ্ৰ দেশকে একপ্ৰকাৰ জুৰুলা কৰাৰ সময়তে এগৰাকী ব্যক্তিক পৃথক ৰূপ দেখা গৈছে । কিছুমান লোকৰ বাবে তেওঁ ঈশ্বৰতকৈও কম নহয় । হয় সেইগৰাকী হৈছে বলীউডৰ জনপ্ৰিয় অভিনেতা চনু চুড ।

বহিঃৰাজ্যত আবদ্ধ লোকক নিজৰ ঘৰলৈ পঠিওৱাৰ পৰা আৰম্ভ কৰি আৰ্তজনক সহায় কৰা প্ৰথম লকডাউনৰ সময়চোৱাত সকলোৱে প্ৰত্যক্ষ কৰিছিল অভিনেতা গৰাকী মহানুভৱতা । একপ্ৰকাৰ তেওঁ বলীউডৰ নহয় ৰিয়েল হিৰ' হিচাপে সকলোৰে মাজত চৰ্চা লাভ কৰিছিল । বৰ্তমানেও তেওঁ অব্যাহত ৰাখিছে ৰাইজক সহায় কৰা প্ৰচেষ্টা । কৰ'ণাৰ দ্বিতীয় ঢৌৰ আৰম্ভণিৰ লগে লগে ভাৰতে সন্মুখীন হোৱা অক্সিজেন নাটনিৰ সময়তো তেওঁ বহুতকে সহায়ৰ হাত আগবঢ়াইছে ।

অভিনেতাগৰাকীয়ে এইবাৰ টুইট কৰি কয় যে বৰ্তমানৰ এনে পৰিস্থিতিৰ সময়ত আপুনি আনক যদি সহায় কৰিব বিচাৰে তেনেহ'লে নিযুক্তি দিয়াৰ দৰে মূল্যৱান কাম একো হ'ব নোৱাৰে । যি সময়ত কৰ'ণা এই পৰিস্থিতিৰ মাজতে বহু লোকে সংস্থাপন হেৰুৱাইছে তেনে সময়তে অভিনেতাগৰাকী এই টুইটে বিশেষ তাৎপৰ্য বহন কৰিছে । উল্লেখ্যে যে চনু চুডে অলপতে তেওঁৰ চুড চেৰিটি ফাউণ্ডেচনৰ জৰিয়তে বিনামূলীয়া চিএ শিক্ষা প্ৰদান কৰাৰ বাবে এক প্ৰচেষ্টা আৰম্ভ কৰিছে ।

ইয়াৰ জৰিয়তে অভিনেতাগৰাকীয়ে মেধাৱী শিক্ষাৰ্থীসকলক বিনামূলীয়া প্ৰশিক্ষণ, ইণ্টাৰ্নশ্বিপৰ সুযোগ আৰু শেষত নিযুক্তি লাভ কৰাত সহায় কৰাৰ লক্ষ্য ৰাখিছিল । একেটা কথা ঘোষণা কৰি চনু চুডে অলপতে টুইট কৰিছিল আৰু কৈছিল যে ভাৰতৰ অৰ্থনীতিৰ বিকাশৰ বাবে, আমাক CAৰ প্ৰয়োজন । যাৰ বাবে তেওঁ এই সৰু পদক্ষেপ হাতত লৈছে ।

অভিনেতাজনে কেৰালাৰ কিছুমান ঠাইত শিক্ষাৰ্থীসকলে দুৰ্বল ইণ্টাৰনেট সংযোগৰ বাবে অনলাইন শ্ৰেণীসমূহ বাদ নিদিয়াটো নিশ্চিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে । শনিবাৰে এক টুইটযোগে তেওঁ কৈছিল যে কেৰালাৰ ম'বাইল টাৱাৰৰ বাবে ৰেচি আৰম্ভ হৈছে সেয়ে কোনো শিক্ষাৰ্থীয়ে তেওঁলোকৰ অনলাইন শ্ৰেণীসমূহ বন্ধ কৰিব নালাগে । মুঠতে সমগ্ৰ ভাৰততে এতিয়া চৰ্চিত অভিনেতা চনু চুড ।

লগতে পঢ়ক :এতিয়াও আইচিইউত দিলীপ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.