চিটাৰা ডেস্ক, 16 ডিচেম্বৰ : বুধবাৰে 40 বছৰীয়া জন্মদিন পালন কৰিলে প্ৰস্তুতি পৰাশৰে (Prastuti Parasar turns to 40) ৷ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত অভিনেত্ৰী গৰাকীয়ে বিভিন্ন ব্যস্ততাৰ মাজতো কিছু পৃথককৈ উদযাপন কৰিলে জন্মদিনটো ৷ জন্মদিনটোত পিতৃ-মাতৃ আৰু স্বামীৰ সৈতে এক বিশেষ উদ্দেশ্য আগত ৰাখি গোৱালপাৰা পায়গৈ প্ৰস্তুতি ৷
গোৱালপাৰা চহৰৰ বদলীমাৰীস্থিত 'মহিলা আশ্ৰম' নামৰ বৃদ্ধাশ্ৰমখনৰ আৱাসী সকলৰ মাজত থাকি জন্মদিনৰ তৃপ্তি লয় প্ৰস্তুতিয়ে (Prastuti Parasar celebrated her birthday at old age home) ৷ বৃদ্ধাশ্ৰমৰ আইতাসকলৰ সৈতে বহু সময় ধৰি মত বিনিময় কৰে অভিনেত্ৰী গৰাকীয়ে ৷ নাটক কৰা দিনৰ কথা সুঁৱৰি প্ৰস্তুতি নষ্টালজিক হৈ পৰে ৷
এগৰাকী পাগলীৰ অভিনয়ৰে দৰ্শকক আপ্লুত কৰা চৰিত্ৰটোৰ কথাৰে আইতাসকলৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হয় অভিনেত্ৰী গৰাকী ৷ নিজৰ ওপজা দিনটোৰ লগত সংগতি ৰাখি অভিনেত্ৰীগৰাকীয়ে বৃদ্ধাশ্ৰমৰ আইতাসকলৰ মাজত দুখনকৈ অত্যাৱশ্যকীয় বস্ত্ৰ আৰু খাদ্য সামগ্ৰী বিতৰণ কৰি আশিস বিচাৰে (Prastuti distributed food and cloths among oldies) ৷
লগতে পঢ়ক : Ankita Vicky got married: এক হ’ল দুখন হৃদয়