ETV Bharat / sitara

‘পিপ্পা’ৰ মুখ্য ছৰিত্ৰত অভিনয় কৰিব অভিনেতা ইশান খট্টৰে - Pippa

‘পিপ্পা’ ছবিখনে 1971 চনৰ ভাৰত-পাক যুদ্ধত বীৰত্ব প্ৰদৰ্শন কৰা 45 তম কেভেলৰী টেংক স্কোৱাড্ৰণ প্ৰবীণ ব্ৰিগেডিয়াৰ বলৰাম সিং মেহতাৰ কাহিনী প্ৰদৰ্শন কৰিব ৷ ছবিখন তেখেতৰ কিতাপ ‘দা বাৰ্ণিং ছাফিজ’ৰ ওপৰত আধাৰিত ৷

Ishaan Khatter to star as tank commander in war action drama Pippa
‘পিপ্পা’ৰ মুখ্য ছৰিত্ৰত অভিনয় কৰিব অভিনেতা ইশান খট্টৰে
author img

By

Published : Aug 14, 2020, 10:30 AM IST

চিটাৰা ডেক্স,14 আগষ্টঃ নিজৰ আহিবলগীয়া ছবিত ব্ৰিগেডিয়াৰ বলৰাম সিং মেহতাৰ চৰিত্ৰত অভিনয় কৰিব অভিনেতা ইশান খট্টৰে ৷ ‘এয়াৰলিফ্ট’ ছবিখনৰ নিৰ্মাতা ৰাজাকৃষ্ণ মেননৰ নিৰ্দেশনাত নিৰ্মান হ’বলগীয়া ছবিখনৰ নাম দিয়া হৈছে ‘পিপ্পা’ ৷

ছবিখন সন্দৰ্ভত অভিনেতা ইশান খট্টৰে কয় যে, ‘এনে এখন উচ্চক্ষমতাসম্পন্ন আৰু গুৰুত্বপূৰ্ণ ছবিৰ অংশ হ’বলৈ পাই মই সুখী অনুভৱ কৰিছো ৷ টেংক কামাণ্ডাৰ বলৰাম মেহতাৰ ছৰিত্ৰ ৰূপায়ন কৰিবলৈ পোৱাতো সঁচাকৈয়ে সন্মানৰ বিষয় ৷ ছবিখনক লৈ মই অত্যন্ত আশাবাদী ৷’

উল্লেখ্য যে, ছবিখনে 1971 চনৰ ভাৰত-পাক যুদ্ধত বীৰত্ব প্ৰদৰ্শন কৰা 45 তম কেভেলৰী টেংক স্কোৱাড্ৰণ প্ৰবীণ ব্ৰিগেডিয়াৰ বলৰাম সিং মেহতাৰ কাহিনী প্ৰদৰ্শন কৰিব ৷ ছবিখন তেখেতৰ কিতাপ ‘দা বাৰ্ণিং ছাফিজ’ৰ ওপৰত আধাৰিত ৷

লগতে পঢ়ক-গুঞ্জন চাক্সেনাঃ দ্য কাৰ্গিল গাৰ্লত দেখুওৱা লিংগভেদক লৈ বায়ুসেনাৰ আপত্তি

পিপ্পা ছবিখনৰ সহ-লিখক ৰবিন্দৰ ৰন্ধাৱা, তন্ময় মোহন আৰু ৰাজা কৃষ্ণ মেনন আৰু সহ-পৰিচালক ৰনী স্ক্ৰুৱালা আৰু সিদ্ধাৰ্থ ৰয় কাপুৰ ৷ ছবিখনৰ শিৰোনামটোৱে ৰাছিয়ান যুদ্ধ টেংক পিটি-76 ক হাইলাইট কৰিছে যাক ‘পিপ্পা’ নামেৰেও জনা যায় ৷

1971 চনৰ ভাৰত-পাক যুদ্ধৰ বিষয়ে বিস্তৃতভাৱে নথিভূক্ত কৰিলেও ইয়াৰ কম পৰিচিত অধ্যায়সমূহৰ এটি গুৰুত্বপূৰ্ণ অধ্যায় হ’ল গোপন অভিযান, যি গৰিবপুৰৰ যুদ্ধত পৰিণত হৈছিল আৰু এই যুদ্ধই ভাৰতৰ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ এই মন্তব্য ছবিখনৰ সহ-পৰিচালক সিদ্ধাৰ্থ ৰয় কাপুৰৰ ৷

আনহাতে, ছবিখনৰ আন এগৰাকী সহ-পৰিচালক ৰনী স্ক্ৰুৱালা কয়, ‘কেপ্তেইন বলৰাম মেহতাৰ নেতৃত্বধীন 45 স্কোৱাড্ৰণৰ বিষয়ে বৰ্তমানৰ যুৱচামক অৱগত কৰাটো অত্যন্ত প্ৰয়োজনীয় ৷’ আগন্তুক বৰ্ষৰ শেষৰ ফালে মুক্তি লাভ কৰিব ছবিখন ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.