নিউজ ডেস্ক, 30 এপ্ৰিলঃ বুধবাৰে অভিনেতা ইৰফান খানৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাচতে সকলো গুণমুগ্ধ শোকত ম্ৰিয়মান হৈ পৰে । তেওঁৰ বাল্যকালৰ বন্ধু তথা বৰ্তমানৰ ভৰতপুৰ জিলাৰ আৰক্ষী অধীক্ষক হাইদৰ আলি জাইদিয়ে প্ৰতিভাবান অভিনেতা জনে কেনেদৰে কঠিন সময় পাৰ কৰি পৃথক পৃথিৱী এখন পাইছিল সেই কথাৰ স্মৃতি ৰোমন্থন কৰে ।
হাইদৰ আলি জাইদিয়ে কয় যে, -তেওঁ এতিয়াও এই কথা মানি ল'ব পৰা নাই যে, ইৰফান আৰু নাই । তেওঁ জীৱনক বহুত ভাল পাইছিল । ছবিত কেৱল অভিনয়ে কৰা নাছিল, প্ৰতিটো চৰিত্ৰক জীৱন্ত কৰি ৰাখিছিল । পান সিং তোমৰ ৰ ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত খানে তেওঁলৈ বহুবাৰ ফোন কৰি তেওঁৰ বৃত্তিৰ লগত জড়িত কথাবোৰ পুংখানুপুংখ ভাৱে জানি লৈছিল ছবিৰ চৰিত্ৰৰ লগত মিলিবৰ কাৰণে ।
তেওঁ লগতে কয় যে, ইৰাফান এজন নিজে সজা মানুহ আছিল । তেওঁৰ মাকে জয়পুৰত গৈ শিক্ষকতা কৰিবলৈ কৈছিল । পিছলৈ সফলতাৰ শিখৰত উঠিবলৈ তেওঁ বহুত জটিল সময় পাৰ কৰিছিল । লোকেল ট্ৰেইনেৰে যাত্ৰা কৰি দিন অতিক্ৰম কৰিছিল, খাবলৈয়ো কেতিয়াবা একো এটা নাথাকিছিল । দাৰি-ছুলি কাটিবলৈয়ো কেতিয়াবা পইচা নোহোৱা হৈছিল ।- হায়দৰ আলিয়ে কয় ।
বাল্যকালৰ কথা সোঁৱৰি তেওঁ কয় , "ইৰফান অবিহনে মোৰ বাল্যকাল আধৰুৱা । আমি 'বেষ্ট ফ্ৰেইণ্ড' আছিলো, আমাৰ পৰিয়ালো খুব আপোন আছিল । মোৰ এটা দুৰ্ঘটনা হৈছিল, তেতিয়া সকলো আঁতৰি গৈছিল, কেৱল ইৰফান লগত আছিল ।