ETV Bharat / sitara

মাজুলীৰ বাবে আশীৰ্বাদস্বৰূপ হ'ব নেকি 'বৰনদী ভটিয়াই' চলচ্চিত্ৰ ! - majuli_DC

ছবিগৃহৰ অভাৱ সন্দৰ্ভত কি ক'লে মাজুলী উপায়ুক্তই !

আশীৰ্বাদস্বৰূপ হ'ব নেকি 'বৰনদী ভটিয়ায়' চলচ্চিত্ৰ !
author img

By

Published : Jun 18, 2019, 2:57 PM IST

মাজুলী,১৮জুনঃ মাজুলীৰ প্ৰেক্ষাপটত নিৰ্মিত এই বৰনদী ভটিয়ায় শীৰ্ষক চলচ্চিত্ৰখনে অসমৰ বিভিন্ন প্ৰান্তৰ দৰ্শকৰ লগতে বিদেশতো বিপুল আদৰ লাভ কৰিবলৈ সক্ষম হৈছে । কিন্তু দুখৰ বিষয় যে,মাজুলীক লৈ নিৰ্মাণ হোৱা এই ছবিখন চাবলৈ পোৱা নাই স্বয়ং মাজুলীবাসীয়ে। কাৰণ মাজুলীত নাই এটাও ছবিগৃহ। ছবিগৃহৰ অভাৱত ৩ মে'তে মুক্তি পোৱা চলচ্চিত্ৰখন এমাহ পৰ্যন্ত চাবলৈ পোৱা নাছিল মাজুলীবাসীয়ে। মুক্তিৰ ৩৩ টা দিনৰ পিছতহে মঙলবাৰে ছবিখন চোৱাৰ সুযোগ লাভ কৰে মাজুলীবাসীয়ে । চলচ্চিত্ৰগৃহৰ অবিহনে ৰংগমঞ্চতে,মঙলবাৰে মাজুলীত প্ৰদৰ্শন কৰা হৈছে অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ বৰঘৰ আৰু আধ্যাত্মিক পৰিৱেশ সমৃদ্ধ মাজুলীৰ সহজ-সৰল জনজীৱনৰ মাধুৰ্যক তুলি ধৰা নৱতম অসমীয়া বোলছবি "বৰনদী ভটিয়ায়"। মঞ্চত চলচ্চিত্ৰখন উদ্বোধন কৰে , মাজুলী জিলাৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই।

মাজুলীৰ বাবে আশীৰ্বাদস্বৰূপ হ'ব নেকি চলচ্চিত্ৰ বৰনদী ভটিয়ায় !

উল্লেখনীয় যে,অনুষ্ঠানৰ মাজুলীৰ উপায়ুক্তগৰাকীয়ে দিয়া ইতিবাচক খবৰে আনন্দিত কৰে সকলো মাজুলীয়ানকে । জিলাখনৰ বহু দিনীয়া এই অভাৱৰ প্ৰতি লক্ষ্য ৰাখি ছবি গৃহৰ অভাৱ দূৰ কৰাৰ বাবে অসম চৰকাৰে কিছু ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনাই উপায়ুক্তগৰাকীয়ে।

মুক্তিৰ ৩৩ তা দিনৰ পাছত ছবি চাবলৈ পালে মাজুলিবাসীয়ে:

 অনুপম কৌশিক বৰাৰ নৱতম অসমীয়া বোলছবি "বৰনদী ভটিয়ায়" ১৭ জুনৰ পৰা মাজুলীত মঞ্চায়ন । 

উদ্বোধন কৰিলে মাজুলীৰ জিলাৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰয় ।

অসমৰ বাৰে বৰহনীয়া সংস্কৃতিৰ বৰঘৰ আৰু আধ্যাত্মিক পৰিবেশৰে সদা বিধৌত মাজুলীৰ সহজ-সৰল জনজীৱনৰ মাধুৰ্যক তুলি ধৰা নৱতম অসমীয়া বোলছবি "বৰনদী ভটিয়ায়"ৰ 
আজি মাজুলীত প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে ।
 ৩ মে' ২০১৯ত আনুষ্ঠানিক ভাৱে ৰাজ্যৰ কেইবাটাও চলচ্চিত্ৰ গৃহত একেলগে মুক্তি লাভ কৰা "বৰনদী ভটিয়ায়"য়ে ইতিমধ্যে সগৌৰৱে এটা ৩৩ তা দিন সম্পূৰ্ণ কৰি ৰাজ্যৰ চলচ্চিত্ৰ প্ৰেমী ৰাইজৰ উচ্চ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাত মাজুলীবাসীয়েও গৌৰৱ অনুভৱ কৰিছে। চলচ্চিত্ৰখনৰ মূল কাহিনীয়ে মাজুলীৰ জনজীৱনক প্ৰতিফলিত কৰিছে।  বৰনদী ভটিয়ায়"- বোলছবি লগত জড়িত হৈ থকা সকলো শিল্পী কলা কৌশলী লোকক  যোৱা কলি এক  চিনাকী কৰি দিয়ে পৰিচালক অনুপম কৌশিক বৰাই । মাজুলীৰ পটভূমি লৈ নিৰ্মাণ হোৱা বোলছবি বৰনদী ভটিয়ায় মুক্তি ৰ ৩৩ দিনৰ পাছত উপভোগ কৰিব সুবিধা পায় ছবি লগত জড়িত শিল্পী কলা কৌশলী লোক সকলে । মাজুলীত ছবি গৃহ নথকা হেতুকে এই প্ৰাপ্তিৰ পৰা বঞ্চিত হব লগা হল মাজুলী বাসী।

Bite : যুৱতী।

চলচ্চিত্ৰখনৰ প্ৰযোজক, চিত্ৰনাট্যকাৰ তথা পৰিচালক অনুপম কৌশিক বৰাক এই নান্দনিক প্ৰয়াসৰ বাবে জিলাবাসীৰ  হৈ ধন্যবাদৰ লগতে অভিনন্দন জ্ঞাপন কৰিলো মাজুলীৰ উপায়ুক্ত দেৱ প্ৰসাদ মিশ্ৰয় ।  "বৰনদী ভটিয়ায়"-এ অসমীয়া চলচ্চিত্ৰৰ গৌৰৱোজ্জ্বল ধাৰাটোত এক নতুন মাত্ৰা সংযোজন ঘটাবলৈ নিশ্চিত ভাৱে সক্ষম হল ।' মঞ্চত  উপায়ুক্ত গৰাকীয়ে দিয়া এটা ইতিবাচক খবৰে চলচ্চিত্ৰ প্ৰেমী সকলৰ আনন্দ মাত্ৰ প্ৰদান কৰিছে। নৈ দ্বীপ জিলা খনৰ বহু দিনীয়া এটা অভাৱ  সমাধান বাবে অসম চৰকাৰে অলপ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব দিয়ে ।

Bite : উপায়ুক্ত মাজুলী ।

মাজুলীৰ পৰা যদুমণি শইকীয়া । ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.