ETV Bharat / sitara

ব'বীৰ পৰা হাইদৰলৈঃ কাশ্মীৰৰ শান্তি আৰু হিংসাৰ পৰিস্থিতিলৈ - Rishi kapoor Irfan khan

ঋষি কাপুৰ আৰু ইৰফান খান কাশ্মীৰৰ দুটা পৃথক সময়ৰ দুটা পৃথক পৰিৱেশৰ সমাৱেশ ৷ এটা শান্ত সমাহিত কাশ্মীৰ আৰু আনটো মৃত্যু উপত্যকাৰ কাশ্মীৰ ৷ তেওঁলোকৰ প্ৰতিনিধিত্বই কাশ্মীৰৰ সঁচা প্ৰতিচ্ছবি দাঙি নধৰে যদিও কাশ্মীৰৰ সামগ্ৰিক ভাৱধাৰাক তেওঁলোকে প্ৰতিফলিত কৰিছিল ৷ ব'বীয়ে কাশ্মীৰৰ জনজীৱনলৈ পৰ্যটন উদ্যোগৰ জৰিয়তে আশাৰ বতৰা কঢ়িয়াই আনিছিল ৷

ব'বীৰ পৰা হাইদৰলৈ
ব'বীৰ পৰা হাইদৰলৈ
author img

By

Published : Apr 30, 2020, 9:05 PM IST

ব'বীৰ পৰা হাইদৰলৈঃ কাশ্মীৰৰ শান্তি আৰু হিংসাৰ পৰিস্থিতিলৈ
বিলাল ভাট্ট

ষি কাপুৰ আৰু ৰফান খান ৷ দুজনকৈ কিংবদন্তি শিল্পী আমাৰ মাজৰ পৰা গুছি গ'ল ৷ এই দুয়োগৰাকী শিল্পীয়ে ভাৰত আৰু বিশ্বৰ অন্যান্য প্ৰান্তৰ লক্ষ লক্ষ জনতাৰ মানসপটত এৰি থৈ গ'ল অযুত স্মৃতি ৷ বিভিন্ন ব্লকমাষ্টাৰ চিনেমাৰে অনুৰাগীৰ মনত সাঁচ বহুৱাই যোৱা এই শিল্পীৰ সৃষ্টিৰাজীয়ে 70 ৰ দশকৰ ৰোমান্তিক দৃশ্যপটলৈ আজিও আকৰ্ষিত কৰে ৷ যিবোৰ স্থানত তাহানিৰ চিনেমাবোৰৰ দৃশ্যগ্ৰহণ হৈছিল সেই স্থানবোৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ৷ বিশেষকৈ সেই সময়ৰ যুৱক-যুৱতী তথা যুগ্ম জীৱনৰ পাটনি মেলা লোকসকলকো আকৰ্ষিত কৰিছিল ৷

কাশ্মীৰৰ সেউজ ভূমি আৰু নিৰ্মল নিজৰাসমূহেও যেন পাহৰিব নোৱাৰিব ঋষি কাপুৰক ! গুলমাৰ্গৰ সেই "ব'বী হাট" নামৰ নিৰ্দিষ্ট ঘৰটো প্ৰসিদ্ধ হৈ পৰিছিল ঋষি কাপুৰ আৰু ডিম্পল কাপাডিয়াৰ বহু চৰ্চিত আৰু সমাদ্ৰিত "হাম তুম এক কমৰে মে বন্ধ হে...." গীতটোৰ বাবে ৷ ঋষি কাপুৰৰ সেই ৰোমান্তিক কাশ্মীৰৰ প্ৰতিচ্ছবিখন ধূষৰিত হৈ পৰিছিল মনি ৰত্নমৰ আন এক বহুল প্ৰচলিত ছবি "ৰোজা"ৰ সময়ছোৱাত ৷ কাশ্মীৰৰ সেই ৰোমান্তিক পৰিৱেশ ক্ৰমাৎ অন্ধকাৰৰ পিনে গতি কৰিছিল ৷ 1990 চনত যেতিয়া কাশ্মীৰ হিংসাত্মক পৰিস্থিতিত জৰ্জৰিত , তেতিয়াৰ চিত্ৰনাট্যকাৰসকলে লিখা কাহিনী সমূহেও এনে এখন ছবি দাঙি ধৰিছিল যে ঋষি কাপুৰৰ দৰে তাৰকাসকলৰ বাবেও কাশ্মীৰৰ প্ৰতিচ্ছবি উন্নত কৰিবলৈ কোনো সুযোগ নাছিল ৷ কাশ্মীৰ সন্দৰ্ভত বলিউডৰ চৰম মতামতেও বন্ধ কৰি পেলাইছিল পৰ্যটকৰ সেই উচাহ ৷ পৰ্যটন উদ্যাগৰ ওপৰত নিৰ্ভৰশীল অঞ্চলটোৰ জনসাধাৰণে কাশ্মীৰৰ সেই প্ৰতিচ্ছবিৰ ফলাফল ভুগিবলগীয়া হৈছিল ৷

কাপুৰ পৰিয়ালৰ চিনেমাসমূহত কাশ্মীৰৰ ৰোমান্তিক প্ৰতিচ্ছবি ভাহি উঠিছিল ৷ প্ৰেমৰ আবেদনময়ী গীতে সেই পৰিৱেশক স্মৃতি মধুৰ কৰি তুলিছিল ৷ কিন্তু 90 দশকৰ পাছত দৃশ্যগ্ৰহণ হোৱা চিনেমাসমূহে কাশ্মীৰৰ সংজ্ঞা আন এক ধৰণে দাঙি ধৰিলে ৷ চিনেমা জগতৰ ভয়ানক ছবিয়ে ৰোমাঞ্চিত কৰিবলৈ ল'লে ৷ কাশ্মীৰৰ পৰিপেক্ষিতত প্ৰেম সন্দেহৰ অৱকাশ হৈ পৰিল ৷ কাপুৰৰ গীতসমূহৰ শব্দ তৰংগই সতেজতাৰ অনুভৱ আনিছিল ৷ পৰৱৰ্তি সময়ত "চাউণ্ড ট্ৰেকে " অসাধুতাৰ প্ৰতিচ্ছবি কঢ়িয়াই আনিলে ৷

1990 চনৰ পাছৰ সময়ছোৱাত বলিউডৰ চিনেমাত উপস্থাপিত কাশ্মীৰৰ ছবিয়ে অঞ্চলটোক ভগ্নপ্ৰায় ৰূপত দাঙি ধৰিলে ৷ চাউণ্ড ডিজাইনাৰসকলে মেট্ৰ' চহৰত বহি কাশ্মীৰ সদৃশ আকৰ্ষণীয় দৃশ্য পৰিৱেশনৰ লগতে ধ্বংসাত্মক প্ৰতিচ্ছবি দাঙি ধৰিবলৈ ল'লে ৷ চিনেমাত দেখুওৱাৰ ধৰণে লক্ষ্যহীন হিংসাৰ প্ৰতিচ্ছবি প্ৰতিফলিত হ'বলৈ ল'লে ৷

কিন্তু হাইদৰ ছবিত ইৰফান খানৰ চৰিত্ৰ ৰুদাৰে চলচিত্ৰ নিৰ্মাতাসকলক বাস্তৱ প্ৰতিচ্ছবি দাঙি ধৰিবলৈ গৱেষণামূলক চলচিত্ৰ নিৰ্মাণৰ বাবে উদগণি যোগালে ৷ যদিও শ্লামড'গ মিলিয়নাৰে ইৰফানৰ কেৰিয়াৰত ব্যাপক প্ৰভাৱ পেলালে , কিন্তু চলচিত্ৰ নিৰ্মাতাসকলৰ বাবে হাইদৰ আছিল কাশ্মীৰ সমস্যাক অন্য ধৰণে বিশ্লেষণ কৰাৰ এক অনন্য প্ৰয়াস ৷ অৱশ্যে চিকাৰা নামৰ চিনেমাখনৰ জৰিয়তে কাশ্মীৰক পুনৰ অন্য ধৰণে প্ৰক্ষেপিত কৰা হৈছিল ৷ সেয়া হয়তো ইৰফানৰ যাদুকৰী প্ৰদৰ্শনৰ প্ৰভাৱ ৷

ঋষি কাপুৰ আৰু ইৰফান খান কাশ্মীৰৰ দুটা পৃথক সময়ৰ দুটা পৃথক পৰিৱেশৰ সমাৱেশ ৷ এটা শান্ত সমাহিত কাশ্মীৰ আৰু আনটো মৃত্যু উপত্যকাৰ কাশ্মীৰ ৷ তেওঁলোকৰ প্ৰতিনিধিত্বই কাশ্মীৰৰ সঁচা প্ৰতিচ্ছবি দাঙি নধৰে যদিও কাশ্মীৰৰ সামগ্ৰিক ভাৱধাৰাক তেওঁলোকে প্ৰতিফলিত কৰিছিল ৷ ব'বীয়ে কাশ্মীৰৰ জনজীৱনলৈ পৰ্যটন উদ্যোগৰ জৰিয়তে আশাৰ বতৰা কঢ়িয়াই আনিছিল ৷ হাইদৰত ইৰফান খানৰ চৰিত্ৰই গতানুগতিক ধাৰণাক প্ৰত্বাহ্বান হিচাপে প্ৰতিফলিত কৰিছিল ৷

ঋষি কাপুৰ আৰু ইৰফান খানক দুটা পৃথক সময়ৰ প্ৰেক্ষাপটত কাশ্মীৰে সদায় মনত ৰাখিব , যিটো আজিৰ প্ৰজন্মই তাহানিৰ প্ৰজন্মৰ স'তে সংযোগ কৰাৰ সুযোগ পাব ৷ দুই প্ৰতিভাৱান শিল্পীয়ে আনৰ দ্বাৰা ৰচিত কাহিনীত অৱদান আগবঢ়াইছিল, যিটো বাহ্যিক দৃষ্টিভংগীৰে ৰচিত ৷ দুয়োটা পৰিস্থিতিতে প্ৰকৃত দোদুল্যমান অৱস্থাটো শূন্য ৰূপত প্ৰকাশিত কিন্তু এই সমগ্ৰ বিষয়টো উদ্যোগটোৰ কাণ্ডাৰীসকললৈ এৰি দিয়া হ'ল যিয়ে কাশ্মীৰৰ বাস্তৱ প্ৰতিচ্ছবিখন অংকণ কৰিবলৈ সক্ষম হ'ব য'ত শান্ত সমাহিত কাশ্মীৰৰ পৰা ক্ৰমাৎ হিংসাত্মক ৰূপ লোৱা ঘটনাসমূহৰ আৱশ্যকীয় দিশবোৰ পৰ্যালোচনা হ'ব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.