ETV Bharat / sitara

মুম্বাইখন 'পাক অধিকৃত কাশ্মীৰ' যেন কিয় অনুভৱ হয়?:কংগনা

শিৱ সেনা সাংসদ সঞ্জয় ৰাৱটৰ কঠোৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে অভিনেত্ৰী কংগনা ৰাণাৱটে। টুইটযোগে কংগনাই প্ৰশ্ন কৰিছে যে, মুম্বাইত থাকিলে 'পাক অধিকৃত কাশ্মীৰ'ত থকা যেন কিয় অনুভৱ হয়।

মুম্বাইখন 'পাক অধিকৃত কাশ্মীৰ' যেন কিয় অনুভৱ হয়?:কংগনা
মুম্বাইখন 'পাক অধিকৃত কাশ্মীৰ' যেন কিয় অনুভৱ হয়?:কংগনা
author img

By

Published : Sep 3, 2020, 4:43 PM IST

চিটাৰা ডেস্ক,৩ছেপ্টেম্বৰ: মুম্বাইলৈ উভতি নাহিবলৈ শিৱ সেনা সাংসদ সঞ্জয় ৰাৱটে ভাবুকিসূচক মন্তব্য কৰাৰ পিছতে উভতি ধৰিছে অভিনেত্ৰী কংগনা ৰাণাৱটে। শিৱ সেনা সাংসদ সঞ্জয় ৰাৱটে আৰক্ষীৰ ওপৰত বিশ্বাস নাথাকিলে মুম্বাইলৈ উভতি নাহিবলৈ কৈ কংগনা ৰাণাৱটলৈ বাক্যবাণ এৰিছিল। ইয়াৰ পিছতে আক্ৰমণাত্মক মন্তব্যৰে টুইট কৰিলে কংগনাই।

টুইটত অভিনেত্ৰীগৰাকীয়ে লিখিছে, শিৱসেনা সাংসদগৰাকীৰ এই মন্তব্য মুকলি ধমকিতকৈ কম নহয়। মুম্বাইত থাকিলে 'পাক অধিকৃত কাশ্মীৰ'ত থকা যেন কিয় অনুভৱ হয় বুলিও টুইটটোত প্ৰশ্ন কৰিছে কংগনাই। সংবাদ মাধ্যমত প্ৰচাৰ হোৱা এটা বাতৰিৰ লিংক শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে, য'ত সঞ্জয় ৰাৱটে কংগনাক মুম্বাইলৈ উভতি আহিবলৈ মানা কৰিছে।

  • Sanjay Raut Shiv Sena leader has given me an open threat and asked me not to come back to Mumbai, after Aazadi graffitis in Mumbai streets and now open threats, why Mumbai is feeling like Pakistan occupied Kashmir? https://t.co/5V1VQLSxh1

    — Kangana Ranaut (@KanganaTeam) September 3, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, কংগনাই কেইদিনমান পূৰ্বে ছ'চিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছিল যে, বলীউডৰ মাফিয়াতকৈ মুম্বাই আৰক্ষীলৈহে কংগনাৰ বেছি ভয় লাগে আৰু আৰক্ষীয়ে অপৰাধমূলক ঘটনা সংঘটিত হোৱাত উচতনি যোগায়।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.