ETV Bharat / sitara

Green India Challenge : ৰামোজী ফিল্ম চিটিত অমিতাভ বচ্চন

author img

By

Published : Jul 27, 2021, 5:15 PM IST

মঙলবাৰে হায়দৰাবাদস্থিত ৰামোজী ফিল্ম চিটি(Ramoji Film City)ত Green India Challenge ত অংশগ্ৰহণ কৰে মেগাষ্টাৰ অমিতাভ বচ্চনে(Amitabh Bachchan) । এঘণ্টাৰ ভিতৰত ২ কোটি গছপুলি ৰোপণ কৰি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ(Guinness Book of World Records)ত স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে "গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ"ক অভিনন্দন জনায় অভিনেতাগৰাকীয়ে ।

Amitabh Bachchan takes part in Green India Challenge in Ramoji Film City
ৰামোজী ফিল্ম চিটিত Green India Challengeত অংশগ্ৰহণ অমিতাভ বচ্চনৰ

চিটাৰা ডেস্ক, ২৭ জুলাই : মেগাষ্টাৰ অমিতাভ বচ্চনে(Amitabh Bachchan) মঙলবাৰে হায়দৰাবাদস্থিত ৰামোজী ফিল্ম চিটি(Ramoji Film City)ত "গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ"(Green India Challenge)ত অংশগ্ৰহণ কৰি গছপুলি ৰোপণ কৰে । বলীউডৰ অভিনেতাগৰাকীয়ে গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ আৰু প্ৰতিষ্ঠাপক তথা ৰাজ্যসভাৰ সাংসদ যোগিনীপল্লী সন্তোষ কুমাৰ(MP Joginipally Santosh Kumar)ৰ তেলেংগানাৰ লগতে সমগ্ৰ দেশজুৰি সেউজীয়া প্ৰাকৃতিক পৰিৱেশ গঢ়ি তোলাৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰে । গছপুলিবোৰৰ কেনেদৰে যত্ন লোৱা হয় আৰু এই কাম কৰাৰ বাবে কেনেকৈ অনুপ্ৰেৰণা লাভ কৰিছিল, এই বিষয়েও অমিতাভ বচ্চনে সন্তোষ কুমাৰক প্ৰশ্ন কৰে । লগতে গছপুলি ৰোপণৰ বহু বছৰৰ পাছতো পুলিবোৰ সুন্দৰকৈ বাঢ়ি অহাত আনন্দ প্ৰকাশ কৰে ৷

Amitabh Bachchan takes part in Green India Challenge in Ramoji Film City
ৰামোজী ফিল্ম চিটিত অমিতাভ বচ্চন

মেগাষ্টাৰগৰাকীয়ে এই সন্দৰ্ভত কয় যে, শেহতীয়াকৈ তেলেংগানাৰ পৌৰ প্ৰশাসন আৰু নগৰ উন্নয়ন মন্ত্ৰী কে টি ৰামাৰাওৰ জন্মদিন উপলক্ষে Green India Challenge য়ে তিনি কোটি গছপুলি ৰোপণ কৰিছে বুলি জানি আচৰিত হৈছিল । এয়া নিশ্চিতভাৱে প্ৰশংসাৰ যোগ্য ৷ পৰিৱেশৰ প্ৰতি তেওঁলোকৰ মৰম আৰু নিঃস্বাৰ্থ কামৰ বাবে তেওঁ আচৰিত হোৱা বুলি মনৰ ভাৱ প্ৰকাশ কৰে বলীউডৰ অভিনেতাগৰাকীয়ে । মেগাষ্টাৰ অমিতাভ বচ্চনে GIC ক এঘণ্টাৰ ভিতৰত ২ কোটি গছপুলি ৰোপণ কৰি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ(Guinness Book of World Records)ত স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে অভিনন্দন জনায় ৷

তেওঁ কয় যে, ইমানদিনে গ্ৰীণ ইণ্ডিয়া চেলেঞ্জৰ বিষয়ে শুনি আহিছিল । কিন্তু মঙলবাৰে GIC ৰ দ্বাৰা আয়োজিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো অভিনেতাগৰাকীৰ বাবে এক ডাঙৰ সৌভাগ্য বুলি বিগ বিয়ে মন্তব্য কৰে । এই মহান কাম আগুৱাই নিয়াৰ বাবে যোগিনীপল্লী সন্তোষ কুমাৰক তেওঁ শুভকামনা জনায় ৷

অমিতাভ বচ্চনে লগতে কয় যে, গ্ৰীণ ইণ্ডিয়া চেলেঞ্জৰ দৰে এক মহৎ আৰু মহান পদক্ষেপক সফল কৰি তুলিবলৈ সমগ্ৰ বিশ্ববাসীৰ সমৰ্থনৰ প্ৰয়োজন । তেওঁ নিজৰ টুইটাৰৰ জৰিয়তে এই কাৰ্যসূচীত আৰু তিনিজন লোকক অংশগ্ৰহণ কৰিবলৈ প্ৰত্যাহ্বান জনাব । মঙলবাৰে তেলেগু চুপাৰষ্টাৰ নাগাৰ্জুনেও এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে ।

লগতে প্ৰযোজক অশ্বিনী দত্ত আৰু ৰামোজী ফিল্ম চিটিৰ পৰিচালন সঞ্চালক বিজয়েশ্বৰী(MD Vijayeeswari)ৰ সৈতে এটাকৈ গছপুলি ৰোপণ কৰে । উল্লেখ্য যে, মঙলবাৰে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানী আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ এ পি জে আব্দুল কালাম(APJ Abdul Kalam)ৰ ষষ্ঠ সংখ্যক মৃত্যু বাৰ্ষিকী ৷ বিভিন্ন সময়ত সন্তোষ কুমাৰে উল্লেখ কৰি আহিছে যে, কেনেদৰে ড৹ কালামে তেওঁক এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আৰু পৰিৱেশৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছিল ।

লগতে পঢ়ক: ‘কি প্ৰয়োজন আছিল এইবোৰ কাম কৰাৰ ?’ ৰাজলৈ শিল্পাৰ প্ৰশ্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.