চিটাৰা ডেস্ক, 18 আগষ্ট : 17 ছেপ্টেম্বৰত মুক্তিলাভ কৰিব বহু প্ৰতিক্ষীত হৰৰ-কমেডি ছবি ‘ভূত পুলিচ’ (Bhoot Police) ৷ ছবিখনত অভিনয় কৰিছে চৈফ আলী খান, অৰ্জুন কাপুৰ, জেকলিন ফাৰ্নাণ্ডেজ আৰু য়ামী গৌতমে ৷ ছবিখনে অহা 17 ছেপ্টেম্বৰত OTT প্লেটফৰ্ম ডিজনী+হটষ্টাৰত মুক্তিলাভ কৰিব ৷
ডিজনী+হটষ্টাৰে শেহতীয়াকৈ ছবিখনৰ মুক্তিৰ দিন ঘোষণা কৰি এটি পোষ্ট শ্বেয়াৰ কৰি লিখে "Ab baari hai bhooton ke darne ki! #BhootPolice arriving this 17th September on #DisneyPlusHotstarMultiplex" অৰ্থাৎ ‘এতিয়া ভূতৰ ভয় কৰাৰ পাল ! #ভূতপুলিচ আহি আছে 17 ছেপ্টেম্বৰত#ডিজনী+হটষ্টাৰ মাল্টিপ্লেক্সত’
ছবিখনৰ পোষ্টাৰত য়ামী আৰু চৈফক ভূত খেদোৱা সৰঞ্জামৰ সৈতে তেওঁলোকৰ অভিযানৰ বাবে প্ৰস্তুত হোৱা দেখিবলৈ পোৱাৰ বিপৰীতে অৰ্জুনক মন্ত্ৰ মাতি থকা আৰু জেকলিনে চেল্ফিৰ বাবে প’জ দিয়া দেখিবলৈ পোৱা গৈছে ৷
লগতে পঢ়ক : বিশিষ্ট অভিনেতা নিপন গোস্বামীলৈ ভৱেন বৰুৱা বঁটা
যোৱা সপ্তাহত ছবিখনৰ নিৰ্মাতাই চৰিত্ৰসমূহৰ এটি চমু আভাস মুকলি কৰিছিল ৷ ছবিখনত চৈফে বিভূতি নামৰ এটি চৰিত্ৰ ৰূপায়ণ কৰিছে ৷ অৰ্জুনে চিৰাউঞ্জী, জেকলিনে কনিকা আৰু য়ামীয়ে মায়া নামৰ চৰিত্ৰ ৰূপায়ণ কৰিছে ৷ ছবিখনৰ পৰিচালনা কৰিছে পৱন কৃপালানীয়ে ৷
ছবিখনৰ দুয়ো পুৰষ মুখ্য চৰিত্ৰক চিনাকি কৰি পৰিচালক পৱন কৃপালানীয়ে কয়, ‘মই এই মনোৰঞ্জনধৰ্মী ছবিখনৰ বাবে অৰ্জুন আৰু চৈফক একেলগে পাই যথেষ্ট উৎসাহিত হৈছো ৷ তেওঁলোক দুয়ো ছবিখনৰ মাজৰে নিজৰ ব্ৰেণ্ড নিউ অৱতাৰৰ দ্বাৰা ট্ৰেডমাৰ্ক ফান এলিমেন্টসমূহ দৰ্শকৰ আগত দাঙি ধৰিব ৷’
ছবিখনৰ মুক্তিৰ সন্দৰ্ভত মন্তব্য কৰি ৰমেশ তুৰাণীয়ে কয়, "চাওক, মই ভূত পুলিচখন 2021ৰ ছেপ্টেম্বৰ মাহতে মুক্তি দিয়াৰ কথা ভাৱিছিলো ৷ মই ভাৱো যে, সাম্প্ৰতিক পৰিস্থিতিলৈ চাই যদি মই মোৰ আগৰ সিদ্ধান্ততে অটল থকাটোৱেই ভাল হ’ব ৷ গতিকে হয়, ভূত পুলিচ অহা ছেপ্টেম্বৰ নতুবা অক্টোৱৰতে OTTত মুক্তিলাভ কৰিব ৷"
ইয়াৰ পূৰ্বে ভূত পুলিচক 10 ছেপ্টেম্বৰত ছবিগৃহত মুক্তি দিয়াৰ কথা ভাবিছিল নিৰ্মাতাই ৷ কিন্তু যোৱা মাহত ছবিখন ডিজিটেলী মুকলি কৰাৰ সিদ্ধান্ত লয় নিৰ্মাতই ৷
লগতে পঢ়ক : কিংবদন্তী গীতিকাৰ গুলজাৰলৈ জন্মদিনৰ শুভেচ্ছা