চিটাৰা ডেস্ক,14 জানুৱাৰীঃ উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে তানহাজীঃ দ্য অনছাং ৱাৰিয়ৰ,ছবিখন কৰমুক্ত কৰাৰ কথা ঘোষণা কৰে ৷ তানহাজী ছবিখনত মু্খ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অজয় দেৱগনে ৷ তানহাজীৰ ত্যাগ আৰু পৰাক্ৰমৰ ওপৰত আধাৰিত ছবিখন যুৱপ্ৰজন্মৰ বাবে যথেষ্ট প্ৰেৰণাদায়ক বুলি মন্তব্য কৰে বহুজনে ৷
চৰকাৰী মুখপাত্ৰই জনোৱা মতে,অজয় দেৱগনে মুখ্যমন্ত্ৰীৰ ওচৰত ছবিখন কৰমুক্ত কৰাৰ বাবে আবেদন কৰিছিল ৷ এই আবেদনৰ পিছতে উত্তৰ প্ৰদেশ চৰকাৰখনে ছবিখন কৰমু্ক্ত কৰাৰ কথা ঘোষণা কৰে ৷ তানহাজীৰ সৈতে একে সময়তে মু্ক্তি পাইছিল দীপিকা পাডুকন অভিনীত ছবি চপ্পক ৷ ইতিমধ্যে দীপিকা পাডুকনৰ চপ্পক ছবিখন ৰাজস্থান, মধ্যপ্ৰদেশ,ছট্টিশগড় আৰু পণ্ডিচেৰীত কৰমুক্ত কৰা হৈছে ৷
তানহাজী ছবিখনে ইতিমধ্যে মুক্তিৰ প্ৰথমটো সপ্তাহত অৰ্জন কৰিছে 61.93 কোটি টকা ৷ ছবিখনে মুক্তিৰ প্ৰথমটো দিনত 15.10 কোটি টকা, শনিবাৰে 20.57 কোটি টকা আৰু দেওবাৰে 61.93 কোটি টকা অৰ্জন কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়কঃতুফান ছবি মুক্তিৰ পিছত ফাৰহান-শিৱানীৰ বিয়া, কি ক'লে পিতৃ জাৱেদ আখটাৰে