চিটাৰা ডেস্ক,9 জুলাইঃ তাপসী পান্নুৰ আহিবলগীয়া ছবি লুপ লপেটা COVID-19 বীমা হোৱাৰ পথত ৷ ছবিখনৰ নিৰ্মাতা অতুল কচবেকৰ আৰু তনুজ গাৰ্গে নিজৰ এই প্ৰজেক্টৰ বাবে COVID-19 বীমা কৰাৰ ক্ষেত্ৰত আলোচনা কৰিছে আইনী বিশেষজ্ঞ আনন্দ দেশাইৰ সৈতে ৷ ইয়াৰ দ্বাৰা আশা কৰা হৈছে তাপসী পান্নুৰ লুপ লপেটাখনেই COVID-19বীমা আঁচনিৰ প্ৰথমখন ছবি হিচাপে অভিহিত হ'ব ৷
এই ছবিখন টম টাইৱৰৰ 1998 চনত নিৰ্মিত জাৰ্মান হিট ছবিৰ ভাৰতীয় ৰূপান্তৰকৰণ ৷
এই ছবিখন এপ্ৰিল আৰু মে' মাহত মুম্বাই আৰু গোৱাত শ্বুটিং হোৱাৰ কথা আছিল ৷ ছবিখনৰ 70 শতাংশ শ্বুটিং ভাৰতৰ বাহিৰত হোৱাৰ কথা আছিল কিন্তু লক্ ডাউনৰ বাবে বাদ পৰিল সকলোখিনি ৷ ফলত নতুনকৈ তাৰিখ নিৰ্ণয় হ'ব ছবিখনৰ শ্বুটিঙৰ বাবে ৷