ETV Bharat / sitara

দীৰ্ঘ বিৰতিয়ে আত্মনিৰীক্ষণ কৰাত সহায় কৰিছে সুস্মিতা সেনক

দীৰ্ঘ বিৰতিৰ পাচত ‘Aarya’ নামৰ ৱেব চিৰিজৰ জৰিয়তে পুনৰ পৰ্দালৈ ঘূৰি আহিছে অভিনেত্ৰী সুস্মিতা সেন ৷ 27 অক্টোবৰত Myntra App,MTV আৰু Vootত সম্প্ৰচাৰ হ’বলগীয়া ডিজিটেল ৰিয়েলিটি ফেশ্বন শ্ব’ত বিচাৰকৰ ভুমিকা পালন কৰিব অভিনেত্ৰী গৰাকীয়ে ৷

author img

By

Published : Oct 23, 2020, 2:12 PM IST

Sushmita Sen says time off gave her the breathing space to introspect
দীৰ্ঘ বিৰতিয়ে আত্মনিৰীক্ষণ কৰাত সহায় কৰিছে সুস্মিতা সেনক

চিটাৰা ডেস্ক,23 অক্টোবৰ : পুনৰ কেমেৰা আৰু পৰ্দালৈ ঘূৰি আহিছে অভিনেত্ৰী সুস্মিতা সেন ৷ কিন্তু এসময়ত তেওঁ এই সকলোবোৰৰ পৰা বিৰতি লৈছিল ৷ বিৰতিৰ সময়ে তেওঁক আত্মনিৰীক্ষণ কৰাত সহায় কৰা বুলি বিউটি কুইন গৰাকীয়ে উল্লেখ কৰে ৷

2015 চনত মুক্তি লাভ কৰা ‘Nirbaak’ নামৰ বঙালী ছবিখনৰ পাচত চলিত বৰ্ষত মুক্তি লাভ কৰা ‘Aarya’ নামৰ ৱেব চিৰিজৰ সৈতে পুনৰ পৰ্দালৈ ঘূৰি আহে সুস্মিতা সেনে ৷ এক সংবাদ মাধ্যমযোগে তেওঁ এই কথা সদৰি কৰে ৷

ইয়াৰ লগতে Aarya সন্দৰ্ভত তেওঁ কয় যে,‘‘এই ৱেব চিৰিজটোৰ অভিজ্ঞতা সুকীয়া ৷ দৰ্শকে আৰ্য়াক মনৰ পৰা আদৰি লৈছে ৷ আমি সদায় ব্যতিক্ৰমীভাৱে কাম কৰা উচিত ৷ এতিয়া মই Aarya-2ৰ বাবে সাজু হৈছো ৷

Aarya-2ৰ পূৰ্বে তেওঁ এক ডিজিটেল ৰিয়েলিটি ফেশ্বন শ্ব’ত বিচাৰকৰ ভুমিকা পালন কৰিব ৷ ফেশ্বনে সদায় তেওঁৰ অন্তৰত বিশেষ স্থান দখল কৰি আছে বুলি সুস্মিতাই জানিবলৈ দিয়ে ৷

আগন্তুক 27 অক্টোবৰত এই ফেশ্বন ৰিয়েলিটি ফেশ্বন শ্ব’টো Myntra App,MTV আৰু Vootত সম্প্ৰচাৰ হ’ব ৷

লগতে পঢ়ক : বাহুবলী প্ৰভাষলৈ জন্মদিনৰ অলেখ শুভকামনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.