চিটাৰা ডেস্ক,4 জুনঃ চানী লিয়নিয়ে লক ডাউনৰ পূৰ্বে স্বামী ডেনিয়েল বেবৰ আৰু নিজৰ তিনিও সন্তান নিশা,অছৰ আৰু নুহৰ সৈতে লচ এঞ্জেছলৈ যাত্ৰা কৰিছিল ৷ তেওঁ নিজৰ মুম্বাইৰ ঘৰটো এৰিব বিচৰা নাছিল আৰু তেওঁ সোনকালেই ঘূৰি আহিব বিচাৰিছে মুম্বাইস্থিত গৃহলৈ ৷ মুম্বাই এৰি যোৱাৰ দুখ যথেষ্ট আছিল যদিও এই কঠিন সময়ত ডেনিয়েলৰ মাতৃ আৰু পৰিয়ালৰ সৈতে থকাটোও যথেষ্ট প্ৰয়োজনীয় বুলি ভাবি তেওঁলোক গৈছিল লচ এঞ্জেছলৈ ৷
লক ডাউনৰ সময়ছোৱাত প্ৰকৃতিৰ সোৱাদ লৈছে চানীয়ে ৷ ইনষ্টাগ্ৰামযোগে চানীয়ে তেওঁৰ দৈনন্দিন কৰ্মৰাজি শ্বেয়াৰ কৰি আছে অনুৰাগীৰ সৈতে ৷ শেহতীয়াকৈ তেওঁ জনাই যে,আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা পুনৰ আৰম্ভ হ'লেই তেওঁ ঘূৰি আহিব মুম্বাইলৈ ৷ লগতে ভাৰতলৈ যাত্ৰা কৰা আগন্তুক বিমানতে ঘূৰি আহিব বুলি জনাইছে অভিনেত্ৰীগৰাকীয়ে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
লগতে পঢ়কঃ জনপ্ৰিয় ছবি পৰিচালক বাসু চেটাৰ্জীৰ দেহাৱসান