চিটাৰা ডেস্ক, 28 ফেব্ৰুৱাৰী : শ্বাহৰুখৰ জীয়ৰী সুহানা বৰ্তমান সদায় চৰ্চাত থাকে ৷ অতি শীঘ্ৰেই নিজৰ অভিনয় জীৱনৰ অভিষেক ঘটাব সুহানা খানে ৷
শেহতীয়াকৈ বগা ৰঙৰ লেহেংগাত ফটো তুলি অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সুহানা (Suhana Khan in white lehenga) ৷ বিখ্যাত ডিজাইনাৰ মনীষ মলহোত্ৰাৰ চিকাংকৰী লেহেংগাৰ দেশী লুকত সঁচাই সুহানাই দৃষ্টি আকৰ্ষণ কৰিছে নেটিজেনৰ ৷
সোমবাৰে ডিজাইনাৰ গৰাকীয়ে নিজৰ ইন্ষ্টাগ্ৰামত সুহানা খানৰ তিনিখনকৈ ফটো পোষ্ট কৰে ( Manish Malhotra shares suhana khan pictures) ৷ তেনেই সাধাৰণ মেকআপৰ সৈতে এটা ক’লা ফোট পৰিধান কৰি এযোৰ ঝুমকাৰে সুহানাই নিজৰ লুকটো সম্পূৰ্ণ কৰিছে ৷
শ্বেয়াৰ কৰাৰ লগে লগেই মনীষৰ পোষ্টত কমেণ্ট কৰে গৌৰী খানে ৷ জীয়েকৰ দেশী লুকে হৃদয় জুৰালে মাতৃৰ ৷
সুহানাই জয়া আখতাৰৰ পৰিচালিত দ্য আৰ্চিছৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব বুলি বাতৰি প্ৰকাশ হৈছে । আগতে জনোৱা অনুসৰি, কিশোৰ ৰোমাণ্টিক ছবিখনত অমিতাভ বচ্চনৰ নাতি অগষ্ট্য নন্দা আৰু বনি কাপুৰৰ জীয়ৰী খুশী কাপুৰেও অভিনয় কৰিব ।
লগতে পঢ়ক: ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ জীৱনৰ দীঘলীয়া প্ৰেমৰ অধ্যায়