ETV Bharat / sitara

ডুবাই আৰু ইউ.এ.ইত নিষিদ্ধ হ'ল শুভ মংগল জ্যাদা সাৱধান

author img

By

Published : Feb 21, 2020, 4:39 PM IST

সমকামিতাৰ ওপৰত নিৰ্মিত ছবি শুভ মংগল জ্যাদা সাৱধান নিষিদ্ধ ঘোষণা হ'ল, ডুবাই আৰু ইউ.এ.ইত ৷ ছবি মুক্তিৰ দিনাই এনে ঘোষণাই আচৰিত কৰি তোলে ছবি নিৰ্মাতাক ৷

subh mangal zyada banned in Dubai,uae
ডুবাই আৰু ইউ.এ.ইত নিষিদ্ধ হ'ল শুভ মংগল জ্যাদা সাৱধান

চিটাৰা ডেস্ক,21 ফেব্ৰুৱাৰীঃ আজি মুক্তি পাইছে আয়ুষ্মান খুৰাণা অভিনীত ছবি শুভ মংগল জ্যাদা সাৱধান ৷ ছবিখনক লৈ যথেষ্ট উৎসাহী হৈ পৰিছে অনুৰাগীসকল ৷ কিন্তু ছবি মুক্তিৰ দিনাই ছবি নিৰ্মাতাক আচৰিত কৰি ঘোষিত হ'ল ডুবাই আৰু ইউ.এ.ইত ছবিখন নিষিদ্ধ হোৱাৰ কথা ৷

আয়ুষ্মানৰ এই বিশেষ ছবিখনত অভিনেতাগৰাকীয়ে সমকামী পুৰুষৰ চৰিত্ৰ ৰূপায়ণ কৰিছে ৷ ছবিখনত আয়ুষ্মান খোৰাণাৰ বিপৰীতে তেওঁৰ প্ৰেমিকৰ ভূমিকা পালন কৰিছে জিতেন্দ্ৰ কুমাৰে ৷

আয়ুষ্মান খুৰাণাৰ শুভ মংগল জ্যাদা সাৱধান ছবিখন হিন্দী ছবি জগতৰ বাবে এক লেখতল'বলগীয়া ছবি ৷ সমকামিতাক লৈ সমাজত সৃষ্টি হোৱা নকাৰাত্মক চিন্তাক কটাক্ষ কৰি নিৰ্মাণ কৰা হৈছে শুভ মংগল জ্যাদা সাৱধান শীৰ্ষক এই ছবিখন ৷ এই ছবিত আয়ুষ্মান খুৰাণা, জিতেন্দ্ৰ কুমাৰৰ সৈতে অভিনয় কৰিছে গজৰাজ ৰাও,নীনা গুপ্তা,মানৱী গাগৰু,পংখুৰী অৱস্থী,সুনীতা ৰাজৱাৰ,মনু ঋষি চদ্দা আৰু নীৰজ সিঙৰ দৰে বহুকেইজন অভিনেতা-অভিনেত্ৰীয়ে ৷

উল্লেখ্য যে,সম্প্ৰতি বহু চৰ্চিত শুভ মংগল জ্যাদা সাৱধানখন নিৰ্দেশনা কৰিছে হিতেশ কেৱাল্যাই৷

লগতে পঢ়কঃদ্বিতীয় সন্তানৰ মাতৃ হ'ল শিল্পা চেট্টী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.