চিটাৰা ডেস্ক, ৯ জানুৱাৰী: ডুবাইত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া সম্পন্ন হ'ল অভিনেত্ৰী শিল্পা শিৰোদকাৰৰ । COVID-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰা শিল্পাই হৈছে প্ৰথমগৰাকী ভাৰতীয় অভিনেত্ৰী । ৪৭ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰাম পোষ্টযোগে এখন ফটো শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰে । পোষ্টটোত তেওঁ লিখিছে যে, তেওঁ প্ৰতিষেধক গ্ৰহণ কৰিছে আৰু এতিয়া সুৰক্ষিত । ভগ্নী নম্ৰতা শিৰোদকাৰে শিল্পাৰ পোষ্টৰ কমেণ্টত ভাল ছোৱালী বুলি লিখি তেওঁক প্ৰশংসা কৰে ।
উল্লেখ্য যে, যোৱা ২২ ডিচেম্বৰৰ পৰা ডুবাইত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল । প্ৰথম পৰ্যায়ত জ্যেষ্ঠ নাগৰিক, নাৰ্ছক ফাইজাৰ আৰু বায়'টেকে প্ৰস্তুত কৰা প্ৰতিষেধক প্ৰদান কৰা হৈছিল ।
- " class="align-text-top noRightClick twitterSection" data="
">