ETV Bharat / sitara

‘মিৰ্চী লগী তোহ’ গীতটিৰ টিজাৰেৰে অনুৰাগীক প্ৰৰোচনা চাৰা আলী খানৰ

ইনষ্টাগ্ৰামযোগে বহু প্ৰত্যাশিত ছবি 'Coolie No. 1.'ৰ ‘মিৰ্চী লগী তোহ’ গীতটিৰ এটি টিজাৰ শ্বেয়াৰ কৰি অনুৰাগীসকলক প্ৰৰোচনা কৰে চাৰা আলী খানে ৷ খ্ৰীষ্টমাচৰ দিনা অৰ্থাৎ 25 ডিচেম্বৰত মুক্তিলাভ কৰিব ছবিখন ৷

mirchi lagi toh
মিৰ্চী লগী তোহ
author img

By

Published : Dec 20, 2020, 1:16 PM IST

চিটাৰা ডেস্ক,20 ডিচেম্বৰ : চাৰা আলী খানৰ আগন্তুক বহু প্ৰত্যাশিত ছবি 'Coolie No. 1.'ৰ ‘মিৰ্চী লগী তোহ’ গীতটিৰ এটি টিজাৰ শ্বেয়াৰ কৰি অনুৰাগীসকলক প্ৰৰোচনা কৰে চাৰাই ৷ ইনষ্টাগ্ৰামযোগে এক দৃশ্যাংশ শ্বেয়াৰ কৰা এই আইক’নিক গীতটিত চাৰাৰ বিপৰীতে বৰুণ ধৱনক প্ৰত্যক্ষ কৰা হৈছে ৷

90 দশকৰ 'Coolie No. 1.' ছবিখনৰ ৰিমেক হ’ব এই ছবিখন ৷ লগতে ছবিখনৰ ‘মিৰ্চী লগী তোহ’ গীতটিও প্ৰথমখন ছবিৰ ৰিমেক ৷ প্ৰকৃত 'Coolie No. 1.'ত গোৱিন্দৰ বিপৰীতে অভিনয় কৰিছিল কৰিশ্মা কাপুৰে ৷

অৱশ্যে এই ৰিমেক গীতটিত চাৰা আৰু বৰুণে ন-ৰূপেৰে দৰ্শকক মোহিত কৰিব ৷ গীতটিত দুয়োকে গুলপীয়া আৰু নীলা ৰঙৰ সংমিশ্ৰণৰ পোছাক পৰিধান কৰা দেখা গৈছে ৷ প্ৰকৃত গীতটিৰ লেখীয়াকৈ ৰিমেক গীতটিতো আইচক্ৰীম ট্ৰাক, একক স্ক্ৰীণ ছবি থিয়েটাৰৰ দৃশ্য দেখুওৱা হৈছে ৷

প্ৰকৃত গীতটিৰ কথা সমীৰৰ আৰু সংগীত ব্যৱস্থাপনাত আছে আনন্দ-মিলিন্দ ৷ ৰিমেক গীতটিৰ ৰিমিক্সিং কৰিছে জনপ্ৰিয় ডিজে চেটাচে আৰু বাদ্যযন্ত্ৰত আছে লিজ’ জৰ্জ ৷ উল্লেখ্য যে, খ্ৰীষ্টমাচৰ দিনা অৰ্থাৎ 25 ডিচেম্বৰত এই ছবিখনে মুক্তিলাভ কৰিব ৷

লগতে পঢ়ক : সুশান্ত সিং ৰাজপুতৰ মৃত্যু : কৰণ জোহৰ আৰু ছলমান খানলৈ আদালতৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.