চিটাৰা ডেস্ক, ২৭ ডিচেম্বৰ: প্ৰায় দুবছৰ ধৰি চেইফ আলী খানৰ কন্যা চাৰা আলী খান জনপ্ৰিয়তাৰ শীৰ্ষত স্থান দখল কৰিবলৈ সক্ষম হৈছে । ২০১৮ চনত বলীউড জগতত খোজ পেলোৱা চাৰাই অভিষেক কাপুৰৰ "কেদাৰনাথ"ত সুশান্ত সিং ৰাজপুতৰ সৈতে মুখ্য় চৰিত্ৰত অভিনয় কৰিছিল । ইয়াৰ পাচত ৰোহিত চেত্তীৰ "চিম্বা"ত ৰণবীৰ সিঙৰ সৈতে একেলগে অভিনয় কৰাৰ লগতে কাৰ্তিক আৰিয়ানৰ সৈতে সহ শিল্পী হিচাপে "লাভ আজকল-২"ত ইমতিয়াজ আলীৰ সৈতে একেলগে অভিনয় কৰিছিল । লগতে ডেভিদ ধাৱনৰ সদ্য মুক্তি প্ৰাপ্ত ছবি "কুলী নম্বৰ ১"তো বৰুণ ধাৱনৰ সৈতে একেলগে অভিনয় কৰিছে ।
চাৰাৰ পৰৱৰ্তী ছবি আনন্দ এল ৰাইচৰ "আতৰংগী ৰে"ত অক্ষয় কুমাৰ আৰু ধনুষৰ সৈতে একেলগে কাম কৰিব । দেওবাৰে সংবাদ মাধ্যমেৰে হোৱা এক সাক্ষাৎকাৰত এই কথা জানিবলৈ দিয়ে অভিনেত্ৰী গৰাকীয়ে । ইয়াৰোপৰি চাৰাৰ বৃত্তিগত পেচাক লৈ যথেষ্ঠ সুখী বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক: ইৰফানৰ পৰা শ্বন কনৰেঃ2020 বৰ্ষত আমি হেৰুওৱা তাৰকাসকল