ETV Bharat / sitara

গোৱাত নিষিদ্ধ চলমানখান - চুপাৰষ্টাৰ চলমানখান

অনুৰাগীক দুৰ্ব্যৱহাৰ কৰাৰ বাবে গোৱাত এন.এচ.ইউ.আইয়ে নিষিদ্ধ ঘোষণা কৰিলে চুপাৰষ্টাৰগৰাকীক ৷

SALMAN MISBEHAVES WITH FAN, NSUI WANTS HIM BANNED FROM GOA
গোৱাত নিষিদ্ধ চলমানখান
author img

By

Published : Jan 29, 2020, 8:46 AM IST

চিটাৰা ডেস্ক,29 জানুৱাৰীঃ শেহতীয়াকৈ ভাইৰেল হয় চুপাৰষ্টাৰ চলমান খানৰ এটা ভাইৰেল ভিডিঅ' ৷ য'ত গোৱা বিমানবন্দৰত এজন অনুৰাগী তথা বিমান বন্দৰৰ কৰ্মকৰ্তাই চেল্ফি তোলাৰ প্ৰয়াস কৰোঁতে চলমান খানে তেওঁৰ পৰা মোবাইল কাঢ়ি লোৱা পৰিলক্ষিত হৈছে ৷ ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে জাঙুৰ খাই উঠিছে ছাত্ৰ সংগঠনসমূহ ৷

কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠনে এই ক্ষেত্ৰত বিশেষ তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে ৷ এন.এচ.ইউ.আইয়ে গোৱাৰ মুখ্যমন্ত্ৰীক আবেদন কৰে যে যেতিয়ালৈকে চলমানখানে অনুৰাগীক কৰা এনে দুৰ্ব্যৱহাৰৰ বাবে ক্ষমা নোখোজে তেতিয়ালৈকে গোৱাত নিষিদ্ধ কৰা হওক অভিনেতাগৰাকীক ৷ সমান্তৰালভাৱে গোৱা বিজেপিৰ সাধাৰণ সম্পাদক আৰু প্ৰাক্তন সাংসদ নৰেন্দ্ৰ চাৱাইকাৰে চলমানখানৰ এনে আচৰণৰ বাবে ক্ষমাৰ দাবী উত্থাপন কৰিছে ৷

  • Being a celebrity, people & your fans will take selfies in public places. Your attitude & behaviour is most deplorable. You have to tender an unconditional public apology. @BeingSalmanKhan https://t.co/vt6YmRgf98

    — Narendra Sawaikar नरेंद्र सावईकर (@NSawaikar) January 28, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত, গোৱা বিমানবন্দৰৰ এজন প্ৰবীন কৰ্মচাৰীয়ে জনোৱা মতে , বিমানবন্দৰৰ কৰ্মচাৰীসকলক ভি.আই.পি অতিথিসকলৰ সৈতে চেল্ফি উঠা প্ৰসংগত পূৰ্বতেই সচেতন কৰা হৈছিল ৷

লগতে পঢ়কঃMan vs Wildত বীয়েৰ গ্ৰীলছৰ সৈতে দেখা যাব চুপাৰষ্টাৰ ৰজনীকান্তক

Intro:Body:

Salman khan banned in Goa

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.