চিটাৰা ডেস্ক,29জুনঃ কৰ'ণা ভাইৰাছৰ তাণ্ডৱৰ বাবে বহুকেইখন আকৰ্ষণীয় ছবি মুক্তি দিব লগা হৈছে অ'টিট প্লেটফৰ্মত ৷ শেহতীয়াকৈ অ'টিট প্লেটফৰ্মত মুক্তি লাভ কৰিছিল অমিতাভ বচ্চন আৰু আয়ুষ্মান খুৰাণা অভিনীত ছবি গুলাব' সিতাব' ৷ বৰ্তমান ডিজিটেলি মুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে আলিয়া ভাটৰ আগন্তুক ছবি সড়ক-2 ৷
এই কথা শেহতীয়াকৈ ঘোষণা কৰে ছবি নিৰ্মাতা মহেশ ভাটে ৷ ছবিখন 10 জুলাই তাৰিখে ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল ৷ কিন্তু COVID-19 মহামাৰীৰ বাবে ছবিগৃহ নোখোলাৰ সিদ্ধান্তৰ পৰিপেক্ষিতত সড়ক-2 ছবিখন ডিজিটেলি মুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ৷
মুকেশ ভাটৰ মতে, "কৰ'ণা মহামাৰীৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাইছে ৷ এই স্থিতিত আপোনাৰ জানো অনুভৱ হয় ছবিগৃহ খুলিব বুলি আৰু যদি খুলিও যায় মানুহ জানো ছবিগৃহলৈ যাব ? মানুহৰ নিজৰ পৰিয়ালৰ সুৰক্ষাৰ চিন্তা হৈছে ৷ বৰ্তমান মানুহৰ জীৱনটো গুৰুত্বপূৰ্ণ ৷ "
লগতে কয়, "মই এই মুক্তি ডিজিটেলি দিবলৈ বাধ্য কাৰণ মই ভৱিষ্যতত একো আশা দেখা নাই ৷ আপুনি কিছু কাম নিবিচাৰিলেও বাধ্য হৈ কৰিব লগা হয়৷ আমাৰ ওচৰত আৰু একো বিকল্প বাকী নাথাকিল৷"
উল্লেখ্য যে, সড়ক-2 ছবিখন 1991 চনৰ সড়ক ছবিখনৰ ছিকুৱেল ৷ সড়ক ছবিখন সেই সময়ৰ চুপাৰহিট ছবিৰ অন্যতম ৷ য'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল পূজা ভাট আৰু সঞ্জয় দত্তে ৷
লগতে পঢ়কঃসুশান্তৰ মৃত্যুৰ বাবে উদ্যোগটোৰ এটা শ্ৰেণীক দোষাৰূপ কৰাটো অনুচিতঃচনু চুড