চিটাৰা ডেস্ক, 21 মাৰ্চ : ৰিতেশ-জেনেলিয়া বৰ্তমান ইংলেণ্ডত আছেগৈ ৷ দুয়ো আৰম্ভ কৰিছে তাত নতুন কাম ৷ সোমবাৰে সামাজিক মাধ্যমৰ জৰিয়তে বিয়পি পৰিল এই খবৰ ৷
দৰাচলতে তেওঁলোকৰ নতুন ছবি মিষ্টাৰ মম্মীৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছে ইংলেণ্ডত । তাৰ বাবেই ছবিখনৰ টীমটোৰ সৈতে দুয়ো আছেগৈ ইংলেণ্ডত ( Riteish Genelia upcoming film) ৷ ছবিখন পৰিচালনা কৰিছে শ্বাদ আলীয়ে।
বহু সময়ৰ বিৰতিত ৰূপালী পৰ্দাত একেলগে দেখিবলৈ পোৱা যাব ৰিতেশ দেশমুখ আৰু জেনেলিয়া ডিচুজাক ৷ সোমবাৰৰ পৰা ইংলেণ্ডত তেওঁলোকৰ নতুন কমেডি-ড্ৰামা মিষ্টাৰ মম্মীৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ হৈছে (Riteish Deshmukh Genelia D'Souza film) ৷
বাণ্টি ঔৰ বাবলি আৰু অ'কে জানুৰ দৰে চলচ্চিত্ৰৰ বাবে জনাজাত শ্বাদ আলীৰ নিৰ্দেশনাত মুক্তি লাভ কৰিব ছবিখনে ৷ টি-চিৰিজৰ অফিচিয়েল টুইটাৰ একাউণ্টত ছবিখনৰ শ্বুটিং আৰম্ভ হোৱাৰ কথা পোষ্ট কৰা হৈছে । চলচ্চিত্ৰখনৰ পটভূমি হ’ল সন্তানৰ সম্পৰ্কত মতবিৰোধ থকা এহাল দম্পতীয়ে ভাগ্যৰ পাকচক্ৰত পৰি কিদৰে জীৱনত আগবাঢ়ে ।
- " class="align-text-top noRightClick twitterSection" data="
">
দেশমুখ আৰু ডিচুজাই 2003 চনত ৰোমাণ্টিক-ড্ৰামা তুঝে মেৰী কচমৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল ৷ দুয়োৱে কেইবাখনো চলচ্চিত্ৰত এতিয়ালৈকে একেলগে কাম কৰিছে । বেদ শীৰ্ষক মাৰাঠী ছবিতো এই যুঁটিক দেখা যাব ( Riteish Genelia upcoming film), যিখন ছবিৰে দেশমুখে পৰিচালক হিচাপে নতুন পৰিচয়ে প্ৰথমবাৰৰ বাবে আগবাঢ়ি আহিব ৷ মাৰাঠী ছবিজগতত এই ছবিখনেৰে জেনেলিয়াই প্ৰথম খোজ পেলাব ৷
লগতে পঢ়ক: কৌতুক অভিনেতা ভাৰতী সিঙৰ গৰ্ভাৱস্থাৰ ফটো শ্বুটৰ কেইখনমান আকৰ্ষণীয় ফটো