চিটাৰা ডেস্ক, 18 ডিচেম্বৰ : বলীউডৰ নৱাগত, প্ৰতিভাৱান অভিনেত্ৰীসকলৰ অন্যতম হৈছে ৰিছা চড্ডা ৷ গ্লেমাৰৰ বাবে নহয়, অভিনয় দক্ষতাৰে অভিনেত্ৰীগৰাকীয়ে বলীউডত নিজৰ স্থিতি মজবুত কৰে ৷ ৰিছাৰ জন্ম 1986 চনৰ 18 ডিচেম্বৰত পঞ্জাৱৰ অমৃতসৰত হৈছিল ৷ নতুন দিল্লীত শিক্ষা গ্ৰহণ কৰে ৰিছাই ৷ অভিনেত্ৰীগৰাকীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা বুৰঞ্জীত স্নাতক ডিগ্ৰী লাভ কৰে ৷
2008 চনত মুক্তি লাভ কৰা বলীউডৰ ছবি "ঐ লাকী লাকী ঐ" ৰ জৰিয়তে অভিনয় জীৱনৰ কেৰিয়াৰৰ পাতনি মেলে অভিনেত্ৰীগৰাকীয়ে ৷
মিডিয়া ৰিপ’ৰ্ট অনুসৰি, শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত ৰিছাই এখন আলোচনীত ইণ্টাৰ্ণশ্বিপ কৰে ৷ পুৰুষৰ বাবে প্ৰকাশিত আলোচনীখনৰ বাবে ৰিছাই সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ গৈছিল অভিনেতা অভয় দেউলৰ ৷ কিন্তু অভয়ে এই সাক্ষাৎকাৰ দিবলৈ অমান্তি হৈছিল ৷ যাৰ বাবে বিমুখ হৈ ৰিছাই উভতি আহিবলগীয়া হৈছিল ৷
কিন্তু সময়ৰ আগত সকলো নিস্তেজ ৷ নিজৰ সৌভাগ্যৰ বলতে ৰিছাই নিজৰ প্ৰথমখন ছবি "ঐ লাকী লাকী ঐ" ত অভয় দেউলৰ বিপৰীতে অভিনয় কৰে ৷ পৰৱৰ্তী সময়ত অনুৰাগ কাশ্যপৰ ছবি গেং অৱ বাছেপুৰত কৰা অভিনয়ে ৰিছাক সুকীয়া পৰিচয় প্ৰদান কৰিবলৈ সক্ষম হয় ৷ এইখন ছবিত ৰিছাই নাগমা খাতুন নামৰ এটি চৰিত্ৰত অভিনয় কৰে ৷ এই ছবিত কৰা অভিনয়ৰ বাবে ৰিছাই দৰ্শকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় ৷ তদুপৰি এইখন ছবিৰ বাবেই ৰিছাই সেই বছৰৰ ফিল্মফেয়াৰ এৱাৰ্ডত শ্ৰেষ্ঠ অভিনেত্ৰী(সমালোচক) ৰ বঁটা লাভ কৰে ৷
ইয়াৰ পিছত থমকিবলগীয়া হোৱা নাই অভিনেত্ৰীগৰাকীয়ে ৷ ফুক্ৰে, ৰামলীলা আদি ছবিত অভিনেত্ৰীগৰাকীক দুৰ্দান্ত ৰূপত দেখা যায় ৷ 2015 চনত মুক্তিপ্ৰাপ্ত ছবি "মসান" ত কৰা অভিনয়ৰ বাবে দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয় ৷ বলীউডৰ অন্যতম ছবি ছেক্সন 375 ত ৰিছাই অক্ষয় খান্নাৰ বিপৰীতে অভিনয় কৰে ৷
প্ৰায় সংখ্যক ছবিত কৰা ৰিছাৰ ব’ল্ড অভিনয়ে দৰ্শকৰ লগতে অনুৰাগীসকলৰ মাজত প্ৰশংসা পাবলৈ সক্ষম হয় ৷ ইয়াৰ মাজতে ৰিছাক কংগনা ৰাণাৱটৰ সৈতে "পংগা(Panga)" ত দেখা যায় ৷
বিগত বৰ্ষত ৰিছাই আলী ফজলৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব বুলি বাতৰি প্ৰকাশ পাইছিল ৷ কিন্তু কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে ৰিছাই স্থগিত ৰাখে বিবাহৰ কাৰ্যসূচী ৷ সেয়ে 2021 চনত আলী ফজলে বিবাহ অনুষ্ঠিত হোৱাৰ দাবী জনাইছিল যদিও বৰ্তমানলৈকে দুয়োৰে বিবাহৰ কোনো খবৰ লাভ কৰা হোৱা নাই ৷
লগতে চাওক: Miss World 2021 : ক'ভিডৰ বাবে সাময়িকভাৱে স্থগিত মিছ ৱৰ্ল্ড ২০২১ ৰ ফাইনেল