ETV Bharat / sitara

ড্ৰাগছ ছিণ্ডিকেটৰে সক্ৰিয়ভাৱে জড়িত ৰিয়া-সৌভিক: NCB

author img

By

Published : Sep 29, 2020, 5:00 PM IST

মুম্বাই উচ্চ ন্যায়ালয়ত ৰিয়া চক্ৰৱৰ্তী আৰু ভাতৃ সৌভিক চক্ৰৱৰ্তীৰ জামিন আবেদনৰ প্ৰতি আপত্তি দৰ্শাই নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই ৰিয়া আৰু সৌভিক ড্ৰাগছ ছিণ্ডিকেটৰে সক্ৰিয়ভাৱে জড়িত বুলি মন্তব্য কৰে ।

ড্ৰাগছ ছিণ্ডিকেটৰে সক্ৰিয়ভাৱে জড়িত ৰিয়া-সৌভিক: NCB
ড্ৰাগছ ছিণ্ডিকেটৰে সক্ৰিয়ভাৱে জড়িত ৰিয়া-সৌভিক: NCB

চিটাৰা ডেস্ক, ২৯ছেপ্টেম্বৰ: ৰিয়া চক্ৰৱৰ্তী আৰু ভাতৃ সৌভিক চক্ৰৱৰ্তীয়ে মুম্বাই উচ্চ ন্যায়ালয়ত জনোৱা জামিন আবেদনৰ বিৰোধিতা কৰিছে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই । দুয়ো ভাতৃ-ভগ্নী ড্ৰাগছ ছিণ্ডিকেটৰ সক্ৰিয় সদস্য হোৱাৰ লগতে বহু উচ্চস্তৰীয় লোক আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে দুয়োৰে ঘনিষ্ঠ সম্পৰ্ক আছে বুলি নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই মন্তব্য কৰে । প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত ৰিয়া আৰু ভাতৃ সৌভিকে মুম্বাই উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আবেদন জনাইছিল । সোমবাৰে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই উচ্চ ন্যায়ালয়ত নিজৰ শপতনামাত দুয়ো ভাতৃ-ভগ্নীৰ জামিন আবেদন খাৰিজ কৰে ।

নাৰ্ক'টিক্স ড্ৰাগছ এণ্ড ছাইক'ট্ৰ'পিক চাবটেন্স আইনৰ অধীনত সংস্থাটোৱে ৰিয়া আৰু সৌভিকক গ্ৰেপ্তাৰ কৰিছিল । এই আইনৰ 27(A) ধাৰাৰ অধীনত 10 বছৰৰ কাৰাদণ্ড বিহাৰ শাস্তি আছে । ইয়াৰ পূৰ্বৰ এক শুনানিত ৰিয়া আৰু সৌভিকে ইয়াৰ বিৰোধিতা কৰিছিল । শুনানিত ৰিয়াৰ অধিবক্তা সতীশ মনছিন্দেই যুক্তি দিছিল যে, নাৰ্ক'টিক্স ড্ৰাগছ এণ্ড ছাইক'ট্ৰ'পিক চাবটেন্স আইনৰ 27(A) ধাৰা ৰিয়া-সৌভিকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় । কিয়নো NCBয়ে 59গ্ৰাম ড্ৰাগছ জব্দ কৰিছে আৰু সেয়া যথেষ্ট কম পৰিমাণৰ ।

যোৱা 24 ছেপ্টেম্বৰত ন্যায়াধীশ সাৰংগ কটোৱালৰ বিচাৰপীঠে ৰিয়া আৰু সৌভিকে জনোৱা জামিন আবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব 27(A) ধাৰা সন্দৰ্ভত বিশদ বিৱৰণ দিবলৈ নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ক নিৰ্দেশ দিয়ে । নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ বিষয়া সমীৰ বানখেড়েই সোমবাৰে উচ্চ ন্যায়ালয়ত পৃথকে পৃথকে দুখন শপতনামা দাখিল কৰে, য'ত কোৱা হৈছে যে, হোৱাটছএপৰ বাৰ্তা, ৰেক'ৰ্ডছ, ইলেক্ট্ৰ'নিক সাক্ষ্য মোবাইল, লেপটপ আৰু হাৰ্ড-ডিস্কৰ পৰা পোৱা তথ্য মতে ড্ৰাগছৰ সৰবৰাহৰে জড়িত থকাৰ সংকেত দিছে ।

আনহাতে, সুশান্তে ড্ৰাগছ সেৱন কৰাৰ বিষয়ে অৱগত হোৱাৰ পিছতো ৰিয়াই ইয়াক লুকুৱাই ৰাখিছিল বুলি প্ৰকাশ কৰিছে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই । লগতে ৰিয়াই বাসগৃহত নিষিদ্ধ দ্ৰব্য ৰখাৰ অনুমতি দিয়াৰ কথাও উল্লেখ কৰে সংস্থাটোৱে । নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই সংগ্ৰহ কৰা তথ্য ৰিয়া ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ কথা প্ৰমাণ কৰাৰ বাবে যথেষ্ট বুলি দাবী কৰে । ক্ৰেডিট কাৰ্ড, নগদ ধন আদিৰ জড়িয়তে ড্ৰাগছ ক্ৰয় কৰিছিল ৰিয়াই । দুয়ো ভাতৃ-ভগ্নীৰ জামিন আবেদনত আদালতে অনুমতি দিলে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ তদন্ত প্ৰভাৱ পৰিব বুলি মনত প্ৰকাশ কৰে ।

লগতে পঢ়ক : গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ : ৰামোজী ফিল্ম চিটীত গছপুলি ৰোপন ছনু চুডৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.