ETV Bharat / sitara

ছবি গৃহৰ পূৰ্বে অন্য প্লেটফৰ্মত উপলব্ধ নহয় "৮৩" : ৰিলায়েঞ্চ এণ্টাৰটেইনমেণ্ট

কপিল দেৱৰ জীৱনত নিৰ্মাণ হোৱা ৰণবীৰ সিং অভিনীত ৮৩ ছবিখনৰ মুক্তিক লৈ এতিয়া চলিছে চৰ্চা । ডিজিটেল প্লেটফৰ্মত ছবিখন উপলব্ধ হ'ব বুলি এক খবৰৰ পাচতেই এই সকলো কথাক অস্বীকাৰ কৰিছে ছবিখন নিৰ্মাণ কৰা ৰিলায়েঞ্চ এণ্টাৰটেইনমেণ্টে গ্ৰুপে । এনে ধৰণৰ বাতৰি সমূহ ভুল আৰু অসত্য বুলি কৈছে গ্ৰুপটোৰ CEO য়ে ।

Reliance Entertainment confirms 83 will not release on OTT directly

author img

By

Published : Apr 26, 2020, 8:50 AM IST

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো কৰ'ণা ভাইৰাছে এক বিভীষিকাৰ সৃষ্টি কৰিছে । এই ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে দেশত ঘোষণা কৰা হৈছে লক ডাউন । লক ডাউনৰ ফলতেই বিভিন্ন দোকান-পোহাৰ, গাড়ী-মটৰৰ চলাচল বন্ধ হৈ থকা লগতে ছবিগৃহ সমূহ বন্ধ কৰি দিয়া হৈছে । যাৰ বাবে কোনো ধৰণৰ ছবি বৰ্তমান ছবিগৃহত মুক্তি লাভ কৰা নাই । কিন্তু ইয়াৰ মাজতেই শেহতীয়াকৈ চৰ্চা লাভ কৰিছে ৰণবীৰ সিং অভিনীত ছবি ৮৩ ৰ এটা খবৰে ।

কপিল দেৱৰ জীৱনত নিৰ্মাণ হোৱা ৰণবীৰ সিং অভিনীত ৮৩ ছবিখন ডিজিটেল প্লেটফৰ্মত উপলব্ধ হ'ব বুলি এটা খবৰ পোহৰলৈ আহিছিল । ছবি গৃহৰ পূৰ্বেই OTT পেল্টফৰ্মৰ জৰিয়তে ১০ এপ্ৰিলত মুক্ত লাভ কৰাৰ কথা প্ৰচাৰ হৈছিল ছবিখনৰ । কিন্তু এই সকলো বোৰ কথা অস্বীকাৰ কৰিছে ছবিখন নিৰ্মাণ কৰা ৰিলায়েঞ্চ এণ্টাৰটেইনমেণ্টে গ্ৰুপে ।

শুনিব পৰা মতে, ছবিখনৰ মুক্তিৰ দিয়াৰ বাবে ছবিখনৰ স্বতাধিকাৰী (film's release rights) ক্ৰয়ৰ বাবে ১৪৩ কোটি টকাৰ এক অফাৰ দিয়া হৈছিল । তথ্য অনুসৰি এনেধৰণৰ সকলো খবৰকে খণ্ডন কৰিছে ৰিলায়েঞ্চ এণ্টাৰটেইনমেণ্ট গ্ৰুপে । অৱশ্যে ছয় মাহৰ পাচত হে যদি পৰিস্থিতি একেই থাকে তেতিয়া হে এই সকলোবোৰ দিশৰ ওপৰত ৰিলায়েঞ্চ এণ্টাৰটেইনমেণ্ট গ্ৰুপে মূল্যাংকন কৰিব বুলি জানিব পৰা গৈছে ।

ৰিলায়েঞ্চ এণ্টাৰটেইনমেণ্ট গ্ৰুপৰ CEO শিৱাশিষ শ্বেখৰে কয়, বৰ্তমান এনেধৰণৰ খবৰৰ কোনো সত্যতা নাই । ছবিখন ছবি গৃহত মুক্তি দিয়াৰ বাবেই নিৰ্মাণ কৰা হৈছে । বৰ্তমান পৰিচালক, নিৰ্মাতা কাৰোৰে কোনো ধৰণৰ পৰিকল্পনা নাই ছবিখন সৰু পৰ্দাত মুক্তি দিয়াৰ । যদিহে ৬ মাহৰ পাচত পৰিস্থিতি একেই থাকে ইয়াৰ ওপৰত চিন্তা কৰা হ'ব বুলি কয় তেওঁ আশা প্ৰকাশ কৰে পুনৰ পৰিস্থিতি সামান্য হ'ব অতিশীঘ্ৰেই ।

৮৩ ছবিখন ভাৰতীয় ক্ৰিকেটৰ প্ৰথম বিশ্বকাপ, ১৯৮৩ জয়ৰ ইতিহাসৰ ওপৰত নিৰ্মাণ কৰা হৈছে । ছবিখনৰ পৰিচালনাত আছে কবিৰ খান । ৰণবীৰ সিং কপিল দেৱৰ ভূমিকাত থকাৰ বিপৰীতে কপিল দেৱৰ পত্নীৰ ভূমিকা পালন কৰিছে দীপিকা পাডুকণে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.