চিটাৰা ডেস্ক,15 জুলাইঃ মুম্বাইত ক্ৰমাণ্বয়ে বৃদ্ধি হৈয়ে আছে কৰ'ণা সংক্ৰমণৰ সংখ্যা ৷ এনেকুৱাতে বলীউড তথা টিভি জগতৰ বহু তাৰকাৰ শৰীৰত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ শেহতীয়াকৈ ৰেখাৰ বাসগৃহটোৰ নিৰাপত্তাৰক্ষীৰ শৰীৰত ধৰা পৰিল কৰ'ণা সংক্ৰমণ ৷ ইয়াৰ পিছতে কন্টেইনমেন্ট জ'ন ঘোষণা কৰা হৈছিল ৰেখাৰ বাসগৃহটো ৷

ইফালে সুৰক্ষাৰ দিশটোলৈ লক্ষ্য কৰি বী.এম.চিৰ দল উপস্থিত হৈছিল ৰেখাৰ বাসগৃহত ৷ ৰেখাৰ কৰ'ণা টেষ্ট কৰিবলৈ বী.এম.চিৰ দলটো ৰেখাৰ ঘৰ গৈছিল যদিও ৰেখা অমান্তি হৈছিল কৰ'ণা টেষ্ট কৰাবৰ বাবে ৷ কেৱল সেয়াই নহয় তেওঁ ঘৰৰ ভিতৰত চেনিটাইজ কৰিবলৈও দিয়া নাছিল বী.এম.চিক ৷
সেয়ে উপায়ন্তৰ হৈ বী.এম.চিয়ে কেৱল ৰেখাৰ ঘৰৰ বাহিৰ অংশই চেনিটাইজ কৰি থৈ যায় ৷
জনাই থওঁ যে, বলীউড আৰু টি.ভি জগতৰ বহু তাৰকাৰ উপৰিও তাৰকাৰ বহু কৰ্মচাৰীৰ শৰীৰত ধৰা পৰিছে কৰ'ণা সংক্ৰমণ ৷ ইয়াৰে কিছু সংখ্যকৰ হাস্পতালত চিকিৎসা চলি আছে আৰু কিছু সংখ্যক নিজৰ ঘৰতে কোৱাৰেন্টাইন হৈ আছে ৷
লগতে পঢ়কঃ COVID-19ৰ পৰা হাত সাৰিবৰ বাবে ঘৰতেই শ্বুটিং কৰিলে ৰবীনা টেণ্ডনে