চিটাৰা ডেস্ক, 22 ডিচেম্বৰ : 1983 চনৰ সেই বিশেষ দিনটো যিদিনাখন ভাৰতীয় ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰিছিল সেই দিনটোৰ স্মৃতি এতিয়াও ভাৰতৰ জনসাধাৰণৰ মনত সতেজ হৈ আছে ৷ কেৱল কাহিনী শুনি সেই সময়খিনিৰ আমেজ লোৱা প্ৰজন্মই আকৌ এবাৰ 83 চিনেমাখনেৰে একেই পৰিৱেশৰ মাদকতা লাভ কৰিব বুলি দাবী কৰিছে চিত্ৰ নিৰ্মাতা ও প্ৰযোজকে ৷
ছবিখনৰ ট্ৰেইলাৰত ৰণবীৰ সিঙক সাইলাখ কপিলদেৱৰ ৰূপত দেখা পোৱা গৈছে ৷ বলীউডৰ বহুল চৰ্চিত যুটি DeepVeer ক আকৌ এবাৰ একেলগে দেখা পোৱা যাব স্ক্ৰীণত ৷ 83 ত স্বামী-স্ত্ৰীৰ চৰিত্ৰত দেখা পোৱা যাব দুয়োকে ৷ ৰণবীৰ সিঙে কপিলদেৱৰ দৰে চৰিত্ৰ ৰূপায়ণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে সেয়া ট্ৰেইলাৰত স্পষ্টকৈ দেখা গৈছে ।
বলীউডৰ এজন সফল তাৰকা ৰণবীৰ সিঙে ভাৰতীয় ক্ৰিকেটৰ এজন প্ৰতিষ্ঠিত ক্ৰিকেট খেলুৱৈ কপিলদেৱৰ চৰিত্ৰত অভিনয় কৰি সকলোকে আচৰিত কৰি তুলিছে ৷ তেওঁ সুন্দৰ অভিনয় শৈলীয়ে আজিৰ প্ৰজন্মক সেই সময়ৰ প্ৰকৃত কপিলদেৱক চাবলৈ আৰু শুনিবলৈ সুযোগ দিব ৷ চলচ্চিত্ৰখনত পংকজ ত্ৰিপাঠী, হাৰ্ডি সান্ধু, নিশান্ত ধাহিয়াকে আদি কৰি বহুতো লেখত ল’বলগীয়া এক বিশাল তাৰকাৰ সমাহাৰ ঘটিব ৷
83 চলচ্চিত্ৰখনে 24 ডিচেম্বৰত মুক্তি লাভ কৰিব ৷ চলচ্চিত্ৰখন 1983 চনৰ বিশ্বকাপ জয় কৰা 83 জন ভাৰতীয় ক্ৰিকেট দলৰ কাহিনীৰ ওপৰত আধাৰিত ৷ ছবিখনৰ ট্ৰেইলাৰটোৱে মুক্তিৰ পিছতে সামাজিক মাধ্যমত তোলপাৰ লগাইছিল । ৰণবীৰ সিঙে ছবিখনত ক্ৰিকেটাৰ কপিলদেৱৰ চৰিত্ৰত অভিনয় কৰিছে ৷ আনহাতে দীপিকা পাডুকনে কপিলদেৱৰ পত্নী ৰোমি দেৱৰ চৰিত্ৰত অভিনয় কৰিছে ৷
মুক্তিৰ পূৰ্বেই বিতৰ্কত সোমাই পৰিছে 83 ছবিখন ৷ UAE ফাইনেন্সাৰ কোম্পানী এটাই ছবিখনৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে এটা প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছে ৷ সঁচা ঘটনাৰ আধাৰত নিৰ্মিত এই ছবিখন চাবলৈ ভাৰতীয় দৰ্শক অধিৰ আগ্ৰহেৰে ৰৈ আছে ৷
লগতে পঢ়ক: Aishwarya Rai summoned in Panama Papers case : অভিনেত্ৰী ঐশ্বৰ্য ৰায়লৈ চমন জাৰি