চিটাৰা ডেস্ক, 9 মাৰ্চ : ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰে মঙলবাৰৰ পৰা আৰম্ভ কৰিলে তেওঁলোকৰ নতুন চিনেমাৰ কাম ৷ এইখন ৰণবীৰ আৰু শ্ৰদ্ধাই একেলগে অভিনয় কৰা প্ৰথমখন ছবি (Ranbir Sraddha first film) ৷ চলচ্চিত্ৰ নিৰ্মাতা লাভ ৰঞ্জনৰ এই ছবিখনৰ শ্বুটিং মুম্বাইত কৰা হ’ব ৷ কেৱল মাত্ৰ দুটা পৰ্যায়ৰ শ্বুটিং বাকী আছে বুলি জানিব পৰা গৈছে ৷
বিগত মাহত লাভ ৰঞ্জনৰ বিবাহ অনুষ্ঠানত দুয়ো তাৰকা ৰণবীৰ আৰু শ্ৰদ্ধাও উপস্থিত আছিল ৷ এতিয়া ছবিখনৰ টীমটো একেলগে 8 মাৰ্চত মুম্বাইলৈ ৰাওনা হৈছে, য’ত ছবিখনৰ শ্বুটিং চলিব ৷ লাভ ৰঞ্জনৰ এই ছবিখনৰ বৰ্তমানলৈকে নাম ঠিক হোৱা নাই ৷
ৰোমাণ্টিক-কমেডি দুয়োটা দিশতে এই ছবিখন নিৰ্মাণ কৰা হৈছে ৷ ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰৰ এয়া প্ৰথমটো যুটীয়া প্ৰজেক্ট (Ranbir Sraddha film together) ৷ নিৰ্মাতা লাভৰ সৈতেও এয়া দুয়োৰে প্ৰথম কাম ৷ ছবিখনত ডিম্পল কাপাডিয়া আৰু প্ৰযোজক বনী কাপুৰেও অভিনয় কৰিছে ৷
আগন্তুক বৰ্ষৰ হোলীত মুক্তি পাব ছবিখনে ৷ ছবিখনৰ সম্পৰ্কত নিৰ্মাতাই বৰ্তমানলৈকে বিশেষ কথা ঘোষণা কৰা নাই ৷
লগতে পঢ়ক: Bold Bollywood Actresses: নিজৰ বলত ছবি হিট কৰাবলৈ সক্ষম হোৱা বলীউডৰ 5 গৰাকী অভিনেত্ৰী