ETV Bharat / sitara

আহি আছে প্ৰভাসৰ নতুন ছবি

author img

By

Published : Aug 18, 2020, 1:16 PM IST

তেলেগু চুপাৰষ্টাৰ প্ৰভাসে ঘোষণা কৰিলে নিজৰ আগন্তুক ছবিৰ বিষয়ে ৷ য'ত তেওঁ তানাজীৰ ছবি পৰিচালক ঔম ৰাৱতৰ সৈতে একেলগে কাম কৰিব ৷ ছবিখনৰ প্ৰথম প'ষ্টাৰ শ্বেয়াৰ কৰি অভিনেতা গৰাকীয়ে কয় যে, তেওঁ যথেষ্ট উৎসাহিত হৈ আছে ছবিখনৰ বাবে ৷

Prabhas announces his next Adipurush with Tanhaji director Om Raut
আহি আছে প্ৰভাসৰ নতুন ছবি

চিটাৰা ডেস্ক, 18 আগষ্টঃ আহি আছে জনপ্ৰিয় অভিনেতা তথা তেলেগু চুপাৰষ্টাৰ প্ৰভাসৰ নতুন ছবি আদিপুৰুষ ৷ এই ছবিখনৰ নিৰ্দেশনা আগবঢ়াইছে ঔম ৰাৱতে ৷

ঔম ৰাৱতে ইয়াৰ পূৰ্বে নিৰ্দেশনা আগবঢ়াইছিল অজয় দেৱগন অভিনীত তানাজীত ৷ প্ৰভাসে নিজৰ ইনষ্টাগ্ৰাম একাউন্ট যোগে শ্বেয়াৰ কৰে ছবিখনৰ প্ৰথম প'ষ্ট ৷ এই ছবিখন এখন 3D একচন ড্ৰামা ৷ ছবিখন হিন্দী, তেলেগু, তামিল, মালায়ালাম আৰু কানাড়া ভাষাত মুক্তি লাভ কৰিব ৷ জানিব পৰা মতে, এই ছবিখন মুক্তি লাভ কৰিব 2022 বৰ্ষত ৷

ছবিখনৰ প্ৰথম প'ষ্টাৰ মুকলি কৰি প্ৰভাসে লিখিছে,"Celebrating the victory of good over evil!"

মঙলবাৰে 7 বাজি 11 মিনিটত প্ৰভাসে ছবিখনৰ বিষয়ে ছ'চিয়েল মিডিয়া যোগে ঘোষণা কৰে ৷

অভিনেতা গৰাকীৰ কামৰ কথালৈ চালে, এতিয়া তেওঁৰ হাতত আছে বহুকেইখন নতুন ছবি ৷ আগন্তুক দিনত তেওঁক অভিনেত্ৰী দীপিকা পাডুকনৰ সৈতেও স্ক্ৰীণ শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যাব ৷ ইয়াৰ উপৰি প্ৰভাসৰ ৰাধে শ্যাম নামৰ এখন ছবিও মুক্তি লাভ কৰিব ৷ য'ত প্ৰভাসৰ সৈতে মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব পূজা হেগ্ৰেক ৷

লগতে পঢ়কঃপদ্মবিভূষণ সংগীত শিল্পী পণ্ডিত যশৰাজৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.