ETV Bharat / sitara

ৰিয়াই ন্যায় লাভ কৰা উচিতঃ ৰুমী জাফেৰী

author img

By

Published : Jan 6, 2021, 7:32 PM IST

ছবি নিৰ্মাতা ৰুমী জাফেৰীয়ে কয় যে, অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে নিৰপেক্ষ বিচাৰ লাভ কৰাৰ অধিকাৰ আছে । লগতে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাবে ৰিয়াক জগৰীয়া কৰাৰ সময়ত অভিনেত্ৰীগৰাকীলৈ সমৰ্থন আগবঢ়োৱা লোকসকলৰ প্ৰতি তেওঁৰ মনত শ্ৰদ্ধা আছে বুলি মন্তব্য কৰে ছবি নিৰ্মাতাগৰাকীয়ে । সুশান্তৰ মৃত্যুৰ পিছতে কেইবাটাও অভিযোগত আইনৰ ৰোষত পৰিছিল ৰিয়া ।

ৰিয়াই ন্যায় লাভ কৰা উচিতঃ ৰুমী জাফেৰী
ৰিয়াই ন্যায় লাভ কৰা উচিতঃ ৰুমী জাফেৰী

চিটাৰা ডেস্ক, ৬ জানুৱাৰী: শেহতীয়াকৈ ৰিয়া চক্ৰৱৰ্তীক সাক্ষাৎ কৰা নিৰ্দেশক ৰুমী জাফেৰীয়ে কয় যে, সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত মানুহে নিজৰ ইচ্ছামতে ভিত্তীহীনভাৱে মন্তব্য কৰিছে । তেওঁ কয় যে, ৰিয়ায়ো ন্যায় লাভ কৰাৰ অধিকাৰ আছে আৰু ৰিয়া সুশান্তৰ বান্ধৱী আছিল । ২০২০ চনৰ এপ্ৰিল মাহত দৃশ্যগ্ৰহণ আৰম্ভ হ'বলগীয়া আছিল সুশান্ত আৰু ৰিয়া অভিনীত তেওঁৰ আগন্তুক ছবিখন । ৱেবলইডৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰুমীয়ে কয় যে, তেওঁ সেই ছবিখনৰ বিষয়ে ভাবিবলৈ এৰিছিল ।

এতিয়া চেহৰে নামৰ ছবিখন মুক্তি দিয়াৰ বাবে পুনৰ বিবেচনা কৰিছে নিৰ্দেশকগৰাকীয়ে । এই ছবিখনত ৰিয়াক দীৰ্ঘ বিৰতিৰ মূৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব । ৰুমীৰ মতে, বেয়া দিন শেষ হৈছে । এতিয়াৰে পৰা ৰিয়াই ভাল সময় অতিবাহিত কৰিব । তেওঁ লগতে কয় যে, সকলোৱে সাহসী হ'বলৈ কয়, কিন্তু প্ৰকৃতে সাহসী হোৱা কিমান কঠিন সেয়া ভুক্তভোগীয়েহে অনুভৱ কৰিব পাৰে । ৰিয়াক এগৰাকী প্ৰতিভাসম্পন্ন শিল্পী বুলি অভিহীত কৰি নিৰ্দেশকগৰাকীয়ে কয় যে, ৰিয়া পুনৰ আগৰ দৰে হ'ব আৰু কৰ্মস্থলীলৈ উভতিব ।

সুশান্তৰ মৃত্যুৰ পিছতে ইয়াক হত্যাকাণ্ডৰ আখ্যা দি এই হত্যাৰে ৰিয়া জড়িত আৰু সুশান্তৰ বেংক একাউণ্টৰ ধন ৰিয়াই হৰলুকি কৰাৰো অভিযোগ উত্থাপন কৰা হৈছিল । ছ'চিয়েল মিডিয়াত ককৰ্থনাৰো সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকীয়ে । তাপছী পান্নু, ফাৰহান আখতাৰ, বিদ্যা বালান, ডিয়া মিৰ্জাৰ দৰে বলীউড তাৰকাই ৰিয়াক সেই সময়ত সমৰ্থন কৰিছিল । ৰিয়াক সমৰ্থন আগবঢ়োৱা লোকসকলক ৰুমীয়ে সন্মান কৰে বুলি মন্তব্য কৰে । তেওঁ কয় যে, এটা মুদ্ৰা দুটা পিঠি থাকে । গতিকে ৰিয়াৰো নিৰপেক্ষ বিচাৰ লাভ কৰাৰ অধিকাৰ আছে ।

লগতে পঢ়ক:'আদিপুৰুষ' নিৰ্মাণৰ পূৰ্বেই বিতৰ্কৰ আৱৰ্তত নিৰ্দেশক ওম ৰাৱত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.