চিটাৰা ডেস্ক, 21 মাৰ্চ: ভাৰতীয় ছবিজগতক মৰ্দানী, ব্লেক, নো ৱান কিল্ড জেছিকা, হাম তুম আৰু য়ুবা আদিৰ দৰে সৰ্বকালৰ আটাইতকৈ স্মৰণীয় চলচ্চিত্ৰ প্ৰদান কৰি অন্য এক মাত্ৰা প্ৰদান কৰা অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে সোমবাৰে ৪৪ বছৰ সম্পূৰ্ণ কৰিলে (Rani Mukerji birthday) । বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৰাণীৰ কেৰিয়াৰ ৯০ ৰ দশকৰ মাজভাগত আৰম্ভ হৈছিল ৷ গোলাম আৰু কুছ কুছ হোতা হে ৰ দৰে চলচ্চিত্ৰত অভিনয় কৰি ৰাণীয়ে খুব কম সময়তে খ্যাতি লাভ কৰিছিল । হাম তুম, সাথিয়া, বীৰ-জাৰা, বাণ্টি ঔৰ বাবলি আদিৰ দৰে চলচ্চিত্ৰত অভিনয় কৰি বলীউডত ৰাণীয়ে নিজৰ স্থান সুদৃঢ় কৰে ।
বলীউডৰ ছবিত নিজৰ অভিনয়েৰে দৰ্শকৰ হৃদয়ত সুকীয়া স্থান দখল কৰা ৰাণী অভিনীত কিছুমান জনপ্ৰিয় গান যাৰ ভিতৰত আছে আতি ক্যা খাণ্ডালা, চুপকে চে, হাড্ কাৰ দি আপনে, চা চাৱা চাৱা আৰু জি লে জাৰা আজিও সকলোৰে মুখে মুখে । অভিনেত্ৰী গৰাকীৰ 44 তম জন্মদিনত তেওঁ কয় যে, প্ৰেম-আশাৰ ওপৰত আধাৰিত চিনেমাই সদায় তেওঁক আকৰ্ষণ কৰে ৷
বৰ্তমানলৈকে ছবিজগতত তেওঁৰ যাত্ৰাৰ বিষয়ে কথা পাতি ৰাণীয়ে কয়, "ছবিজগতত এতিয়ালৈকে মোৰ যাত্ৰাটো আছিল যথেষ্ট আনন্দদায়ক আৰু মই আশা কৰো যে অনাগত বছৰবোৰতো এই যাত্ৰা একেই থাকিব । মই নিজকে ভাগ্যৱান অনুভৱ কৰো যে পৰিচালক, প্ৰযোজক, অভিনেতা আৰু টেকনিচিয়ানৰ ৰূপত সুন্দৰ মনৰ গৰাকীৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিছো । তেওঁলোকে মোক পৰ্দাত উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ আৰু প্ৰতিবাৰেই নিজকে এক নতুন ৰূপ দিবলৈ অনুপ্ৰাণিত কৰিছিল ।
তেওঁ লগতে কয়, "মই প্ৰতিটো নতুন কামৰ সৈতে নিজৰ শ্ৰেষ্ঠত্ব দিয়াটো অব্যাহত ৰাখিব বিচাৰো । মই জানিছিলো যে বলীউডত মোৰ এই যাত্ৰা কঠিন হ'ব কিন্তু মই যোৱা ২৫ বছৰে নিজৰ কষ্ট আৰু অধ্যৱসায়ৰ বলত দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হৈছোঁ ৷
সদায় মই অৰ্থপূৰ্ণ ছবিত কাম কৰিবলৈ বিচাৰিছিলো য’ত নাৰী এগৰাকীৰ চৰিত্ৰটোক কাহিনীত মুখ্যভাৱে উপস্থাপন কৰা হয় ৷ ভাৰতীয় মহিলাক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা ভাল চিত্ৰনাট্যৰ অংশ হোৱাটো সদায় মোৰ লক্ষ্য আছিল ৷ মোৰ জীৱনত এনেকুৱা ছবি আছে যি বক্স অফিচত সাংঘাতিক ধৰণে সফল হৈছে লগতে এনেকুৱা ছবিও আছে যি দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰা নাছিল, কিন্তু ইয়েই আমাৰ ইণ্ড্ৰাষ্টিটোৰ এটা ভাল কথা ৷ কিয়নো সফলতা বিফসতাৰ মাজেৰেই এজন আৰ্টিষ্টে নিজৰ ক্ষেত্ৰখনত প্ৰতিষ্ঠা লাভ কৰে ৷
অসীমা ছিব্বাৰ ছবি ‘মিছ চেটাৰ্জী ভাৰ্ছাচ নৰৱে’ৰ প্ৰসংগত ৰাণীয়ে কয়, "মোৰ পৰৱৰ্তী প্ৰজেক্ট মিছ চেটাৰ্জী ভাৰ্ছাচ নৰৱে চলচ্চিত্ৰখন মোৰ হৃদয়ৰ নিচেই আপোন ( rani mukerji latest news) । মই আশা কৰোঁ প্ৰতিজন ভাৰতীয়ই এই ছবিখনৰ কাহিনী ভাল পাব । সমগ্ৰ দেশৰ দৰ্শক তথা সকলো বয়সৰ দৰ্শকে ভাল পাব পৰাকৈ এক অতুলনীয় কাহিনীৰে ভৰপূৰ এই ছবিখন" ।
তেওঁ লগতে কয়, "মই এই কাহিনীটোত অতি আৱেগিকভাৱে সোমাই পৰিছো কিয়নো এগৰাকী অভিনেতা আৰু এগৰাকী মাতৃ হিচাপে মই এই ছবিখনৰ লগত জড়িত হ’ব পাৰিছো ৷ এই কাহিনীবোৰ সমাজৰ আগত উপস্থাপন কৰিবলগীয়া কাহিনী । পৰৱৰ্তী কেইটামান বছৰ এনেকুৱা শ্ৰেষ্ঠ আৰু উজ্জ্বল চিত্ৰনাট্যত কাম কৰাৰ বাবে মই আশাবাদী ৷ আশা আৰু প্ৰেমৰ আধাৰত নিৰ্মিত ছবিত কাম কৰিবলৈ মই আগ্ৰহী" ( rani mukerji upcoming films) ৷
ৰাণীক শেষবাৰৰ বাবে চেইফ আলী খানৰ সৈতে বান্টি ঔৰ বাবলি ২ ত দেখা গৈছিল । এটা দশকৰ মূৰত এই বিখ্যাত যুঁটিক ৰূপালী পৰ্দাত দেখিবলৈ পোৱা গৈছিল ।