চিটাৰা ডেস্ক, ২১ নৱেম্বৰ: বলীউডৰ জনপ্ৰিয় অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ মতে বৰ্তমান ভাৰতত OTT প্ৰতিষ্ঠানে সমস্যাৰ সন্মুখীন হৈছে। তেওঁ কয় যে, 'স্পষ্ট ৰূপত ক'বলৈ গ'লে OTTৰ মঞ্চখন বলীউডতকৈ পৃথক আছিল আৰু চৰিত্ৰবোৰ ব্যতিক্ৰম আছিল । মই সামজিক বিষয়বস্তুৰ বিষয়ে কোৱা নাই, কিন্তু দৰ্শকৰ বাবে এয়া বলীউড ছবিৰ কাহিনীতকৈ বেলেগ।' চলিত বৰ্ষতে ডিজিটেল প্লেটফৰ্ম নৱাজুদ্দিন অভিনীত 'চিৰিয়াছ মেন', 'ৰাত অকেলী হ্যে' আৰু 'ধূমকেতুৱে' প্ৰমাণ কৰিছে যে কলা ক্ৰমান্বয়ে ব্যৱসায়লৈ পৰিণত হৈছে । এই সন্দৰ্ভত তেওঁ কয় যে, 'আমি কলাক ব্যৱসায়লৈ পৰিৱৰ্তন কৰো। প্ৰথমতে এয়া কলা হিচাপে থাকে, কিন্তু শেষত ব্যৱসায় হয়গৈ। ব্যৱসায়ৰ নামত OTTৰ ছিৰিজবোৰো নিম্নমানৰ হ'ব বুলিহে মই চিন্তিত হৈছো ।
যাতে এনেকুৱা নহওক যে, ব্যৱসায়ৰ নামত যি মনলৈ আহে তাকে দেখুৱাব । আশংকা হৈছে যে, এয়াই হ'ব আৰু এতিয়া এয়াই হৈ আছে । মই ভবাই নাছিলো যে এইদৰে ছবি নেটফ্লিক্সত মুক্তি দিয়া হ'ব আৰু মই চাব নোৱাৰিম। কিন্তু ভাৰতত বিশেষভাৱে নেটফ্লিক্সত মুক্তি দিয়া হৈছে । ভাৰতত নেটফ্লিক্সসহ আন OTT প্ৰতিষ্ঠানৰ প্ৰয়োজন আছে। এটা সময় আছিল, যেতিয়া 'ছেক্ৰেড গেমছ'ৰ কলা-কুশলী OTTক লৈ আশাবাদী আছিল । কিন্তু এতিয়া নহয়। মই ভাৱো, এতিয়া পৰিৱৰ্তন আনিব লাগিব। অভিনেতাগৰাকীয়ে গেংছ অৱ ৱাছিপুৰ, দ্য লান্সবক্স, বদলাপুৰ আৰু মাঝী: দ্য মাউণ্টেন মেনৰ বিষয়েও অৱতাৰণা কৰে। লগতে তেওঁ কয় যে, ডিজিটেল প্লেটফৰ্মত ভাৰতৰ উন্নতি হ'ব। ছেইফ আলী খান, ছামন্থা আক্কিয়ানী, মনোজ বাজপেয়ী, টিস্কা চোপ্ৰা, দিব্যা দত্তৰ দৰে তাৰকাৰ সৈতে এই বিষয়ে তেওঁ আলোচনা কৰিছে।
লগতে পঢ়ক:চাদউইক বোচমেনৰ 1 মিলিয়ন মাৰ্কিন ডলাৰৰ উত্তৰাধিকাৰী তেওঁৰ পত্নী