নিউজ ডেস্ক, 18 মে': বলিউডৰ অভিনেতা নাৱাজুদ্দিন ছিদ্দিকি পৰিয়ালৰ লোকৰ সৈতে মুম্বাইৰপৰা গৃহ চহৰ বুধনত উপস্থিত হয় । আৰক্ষীয়ে এই কথা অৱগত কৰে ।
শনিবাৰে অভিনেতা জনে আৰক্ষী-প্ৰশাসনৰ যাৱতীয় অনুমতি লৈ নিজ গৃহ চহৰলৈ আহে ।
আৰক্ষী অধীক্ষক নেপাল সিঙে জনোৱা অনুসৰি তেওঁলোক আটাইৰে COVID পৰীক্ষণ কৰোৱা হয় আৰু সকলোৰে ফলাফল নিগেটিভ পোৱা যায় ।
অৱশ্য়ে তেওঁলোকক 14 দিনৰ বাবে বাধ্যতামূলক হোম কোৱাৰেন্টাইন কৰিব দিছে ।