ETV Bharat / sitara

ৰাজ কুন্দ্ৰা আৰু ৰিয়ান থৰ্পেক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

author img

By

Published : Jul 27, 2021, 7:11 PM IST

মুম্বাইৰ এখন আদালতে মঙলবাৰে শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা(RAJ KUNDRA) আৰু তেওঁৰ সহযোগী ৰিয়ান থৰ্পে(Ryan Thorpe)ক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । পৰ্ণ'গ্ৰাফী গোচৰ(Pornography Case)ত যোৱা ১৯ জুলাইত দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছিল । পিছত দুয়োকে ২৭ জুলাই পৰ্যন্ত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ।

Raj Kundra, Ryan Thorpe to judicial custody for 14 days
ৰাজ কুন্দ্ৰা আৰু ৰিয়ান থৰ্পেক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

চিটাৰা ডেস্ক, ২৭ জুলাই : ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ল অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী ৰাজ কুন্দ্ৰা(RAJ KUNDRA) আৰু তেওঁৰ সহযোগী ৰিয়ান থৰ্পে(Ryan Thorpe)ক । মঙলবাৰে মুম্বাইৰ এখন আদালতে পৰ্ণ'গ্ৰাফী গোচৰ সন্দৰ্ভত দুয়োকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । যোৱা ১৯ জুলাইত আন ১১ গৰাকী লোকসহ ৰাজ কুন্দ্ৰাক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । অশ্লীল ছবি নিৰ্মাণৰ অভিযোগ উত্থাপিত হৈছিল ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৷

গ্ৰেপ্তাৰৰ পিছতে আদালতত হাজিৰ কৰোৱা হৈছিল কুন্দ্ৰাক আৰু আদালতে ২৭ জুলাই পৰ্যন্ত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ জিম্মালৈ প্ৰেৰণ কৰে । যোৱা ২৫ জুলাইত কুন্দ্ৰাৰ ভিয়ান ইণ্ডাষ্ট্ৰীজৰ চাৰিজন কৰ্মচাৰীয়ে তেওঁৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব বুলি নিশ্চিত কৰাৰ পাছতে কুন্দ্ৰাৰ সমস্যা অধিক জটিল হৈ পৰে । মুম্বাই আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, কুন্দ্ৰাই এই তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰা নাই ।

চাৰিওজন কৰ্মচাৰীয়ে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ সম্পত্তি কোষক ৰেকেটটোৰ কাম-কাজৰ সম্পূৰ্ণ বিৱৰণ দিছে । ইয়াৰ পূৰ্বে ৰাজ কুন্দ্ৰা আৰু তেওঁৰ পত্নী শিল্পা ছেট্টীক অপৰাধ শাখাৰ বিষয়াসকলে জেৰা কৰে । কুন্দ্ৰাৰ প্ৰতিষ্ঠানটোৱে কৰা বিত্তীয় লেনদেনৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল ।

বিষয়াসকলে এটা প্ৰিণ্টাৰ, এটা লেপটপ আৰু নথি-পত্ৰ ভৰ্তি এটা বাকচ জব্দ কৰে । মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই ৰাজ কুন্দ্ৰাই অশ্লীল ভিডিঅ' নিৰ্মাণ কৰা আৰু সেই ভিডিঅ'বোৰ ইংলেণ্ডস্থিত প্ৰতিষ্ঠান এটাৰ সহযোগত ম’বাইল এপ্লিকেশ্যনত আপলোড কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে । মুম্বাইৰ আৰক্ষী আয়ুক্ত হেমন্ত নাগ্ৰালে জনোৱা মতে, ৰাজ কুন্দ্ৰা মূল অভিযুক্ত বুলি সন্দেহ কৰা হৈছে আৰু এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত পৰ্যাপ্ত প্ৰমাণ আছে ।

আৰক্ষীয়ে কুন্দ্ৰাৰ সৰ্বাধিক জিম্মা বিচাৰি দণ্ডাধীশৰ আদালতক কয় যে, ৪৫ বছৰীয়া ব্যৱসায়ীজনে অশ্লীল ভিডিঅ' নিৰ্মাণ আৰু বিক্ৰী কৰি বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিছে । তথ্য প্ৰযুক্তি আইন আৰু ইণ্ডিচেণ্ট ৰিপ্ৰিজেণ্টেছন অৱ ওমেন(নিষিদ্ধ) আইনৰ প্ৰাসংগিক ধাৰাৰ উপৰিও ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল ৷ মুম্বাই আৰক্ষীয়ে আদালতক জনাইছে যে, তেওঁলোকে সন্দেহ কৰিছে যে অনলাইন বেটিঙৰ বাবেও ৰাজ কুন্দ্ৰাই পৰ্ণ'গ্ৰাফীৰ পৰা উপাৰ্জন কৰা ধন ব্যৱহাৰ কৰিছিল ।

লগতে পঢ়ক: IFFM ২০২১ত প্ৰদৰ্শিত হ'ব "Bullet Proof Anand"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.