চিটাৰা ডেস্ক,14 জানুৱাৰীঃজে.এন.ইউ কাণ্ডত আহত হোৱা ছাত্ৰৰ বাবে মাত মাতি শেহতীয়াকৈ যথেষ্ট চৰ্চিত হৈ পৰিছে অভিনেত্ৰী দীপিকা পাডুকন ৷ অভিনেত্ৰীগৰাকীৰ সদ্যমু্ক্তিপ্ৰাপ্ত চপ্পক ছবিখনত এইকথাখিনিয়ে যথেষ্ট প্ৰভাৱ পেলাইছে ৷
এই কথা ভালকৈ অনুভৱ কৰিছে ছবি পৰিচালক মেঘনা গুলজাৰে ৷ টেলিফোনিক ইন্টাৰভিউ যোগে মেঘনাই পি.টি.আইক জনায় যে, "আমাৰ ব্যক্তিগত আৰু পেচাগত কথাৰ মাজত পাৰ্থক্য থাকে ৷ কোনোবাই ব্যক্তিগত জীৱনত কি কৰিছে আৰু পেচাগত জীৱনত কি কৰিছে সেই দুটাই পৃথক ধৰণে অনুধাৱন কৰাটো জৰুৰী ৷ "
মনকৰিবলগীয়া যে, একে সময়তে মুক্তি পাইছিল দীপিকা পাডুকন অভিনীত ছবি চপ্পক আৰু অজয় দেৱগন অভিনীত তানহাজী ছবি দুখন ৷এইক্ষেত্ৰত মেঘনা গুলজাৰে উল্লেখ কৰে যে, দুয়োখন ছবিয়ে সম্পূৰ্ণ পৃথক ৷ দুয়োখনৰ পৰাই দৰ্শকে পাব পৃথক অনুভৱ ৷