ETV Bharat / sitara

অৰ্জুন কাপুৰক মালাইকা অৰোৰাৰ জন্মদিনৰ শুভেচ্ছা

author img

By

Published : Jun 26, 2021, 8:59 PM IST

শনিবাৰে ৩৬ বছৰত ভৰি দিলে অভিনেতা অৰ্জুন কাপুৰে(Arjun Kapoor) । 'Sunshine' অৰ্জুনক জন্মদিনৰ শুভেচ্ছা জনালে প্ৰেয়সী মালাইকা অৰোৰা(Malaika Arora)ই । অৰ্জুনক শুভকামনা জনাইছে বন্ধুবৰ্গ আৰু পৰিয়ালৰ লোকসকলে ।

Malaika Arora wishes Arjun Kapoor on his 36th birthday
৩৬ বছৰত ভৰি দিলে অভিনেতা অৰ্জুন কাপুৰে

নেশ্যনেল ডেস্ক, ২৬ জুন : ৩৬ বছৰীয়া হ'ল বলীউডৰ অভিনেতা অৰ্জুন কাপুৰ(Arjun Kapoor) । ইনষ্টাগ্ৰাম পোষ্টযোগে দুয়োৰে এখন ফটো শ্বেয়াৰ কৰি অৰ্জুনক জন্মদিনৰ শুভেচ্ছা জনালে মালাইকাই । মালাইকাই এখন পুৰণি ফটো শ্বেয়াৰ কৰিছে আৰু দুয়োকে আনন্দিত হৈ থকা দেখা গৈছে । অৰ্জুনক 'Sunshine' বুলি সম্বোধন কৰি শুভেচ্ছা জনাইছে প্ৰেয়সী মালাইকাই ।

মালাইকাৰ পোষ্টটোত ৰিয়েক্ট কৰিছে অৰ্জুনৰ সম্পৰ্কীয় ভগ্নী তথা অভিনেত্ৰী সোণম কাপুৰ, ৰিয়া কাপুৰ আদিয়ে । মালাইকাই ইনষ্টাগ্ৰাম ষ্ট'ৰীজত অৰ্জুন আৰু ফেশ্বন উদ্যোগী সংযুক্তা নায়াৰৰ সৈতে তোলা আন এখন ফটোও শ্বেয়াৰ কৰে । ফটোখন শ্বেয়াৰ কৰি মালাইকাই এটা সুন্দৰ কেপচনো লিখা দেখা গৈছে ।

অৰ্জুনৰ ভগ্নী অংশুলা কাপুৰেও ইনষ্টাগ্ৰাম পোষ্টযোগে ভাতৃক বিশেষ দিনটোৰ শুভেচ্ছা জনায় । অংশুলাই তেওঁলোকৰ শৈশৱৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে যে, অৰ্জুন হৈছে তেওঁ জনা শ্ৰেষ্ঠ ব্যক্তি । লগতে অৰ্জুনক নিজৰ ঘৰ বুলি কৈ মৰম যাচে অংশুলাই ।

বলীউডৰ তাৰকা কেটৰিণা কাঈফ, অনুষ্কা শৰ্মা, কৰীণা কাপুৰ খান, আয়ুষ্মান খুৰানা, জেকুলিন ফাৰ্ণাণ্ডেজ, হুমা কুৰেশ্বী আৰু ফেশ্বন ডিজাইনাৰ মনীশ মালহোত্ৰাৰ লগতে আন শুভাকাংক্ষীয়ে অৰ্জুনক শুভেচ্ছা জনায় । অৰ্জুনক পৰৱৰ্তী সময়ত 'ভূত পুলিচ'(Bhoot Police)ত দেখা পোৱা যাব । ছবিখনত ছৈইফ আলী খান(Saif Ali Khan), য়ামী গৌতম(Yami Gautam) আৰু জেকুলিন ফাৰ্ণাণ্ডেজে(Jacqueline Fernandez)ও অভিনয় কৰিব । ইয়াৰ পূৰ্বে অৰ্জুনক পানিপট ছবিখনত দেখা গৈছিল ।

লগতে পঢ়ক: ইৰফান খানৰ পুৰণি ভিডিঅ' শ্বেয়াৰ কৰিলে সুতাপা ছিকদাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.