ETV Bharat / sitara

ইউক্ৰেইনলৈ ১ কোটি ডলাৰ আগবঢ়াইছে লিওনাৰ্ড’ ডিকাপ্ৰিঅ'ই

author img

By

Published : Mar 8, 2022, 9:37 PM IST

ৰাছিয়াৰ ইউক্ৰেইন বিৰোধী বিদ্ৰোহী ৰূপক বিশ্বই কৰিছে তুমুল ভাষাৰে সমালোচনা ৷ বিশ্বব্যাপী এতিয়া বিভিন্ন দেশে ইউক্ৰেইনলৈ সহায়ৰ হাত আগবঢ়াইছে । বিখ্যাত আমেৰিকান অভিনেতা লিওনাৰ্ড’ ডিকাপ্ৰিঅ'ই ইউক্ৰেইনক যথেষ্ট আৰ্থিক সহায় আগবঢ়াইছে (Leonardo DiCaprio on Russia Ukraine war) ।

Ukraine
লিওনাৰ্ড’ ডিকাপ্ৰিঅ'ই ইউক্ৰেইনক যথেষ্ট আৰ্থিক সহায় আগবঢ়াইছে

চিটাৰা ডেস্ক, 8 মাৰ্চ : ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ১৩ তম দিনধৰি তীব্ৰ যুদ্ধ অব্যাহত আছে । ৰাছিয়াই যোৱা ১৩ দিন ধৰি ইউক্ৰেইনৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ চলাই আহিছে । ৰাছিয়াৰ আক্ৰমণৰ ফলত ইউক্ৰেইনত মানুহৰ জীৱন আৰু সম্পত্তিৰ যথেষ্ট ক্ষতি হৈছে । এনে পৰিস্থিতিত বিশ্বব্যাপী বহু দেশ তথা ব্যক্তিয়ে ইউক্ৰেইনলৈ সহায়ৰ হাত আগবঢ়াইছে । বিখ্যাত আমেৰিকান অভিনেতা লিওনাৰ্ড’ ডিকাপ্ৰিঅ'ই ইউক্ৰেইনলৈ আগবঢ়াইছে 1 কোটি ডলাৰ ।

জানিব পৰা মতে, মতে হলীউডৰ ইতিহাসত অমৰ হৈ পৰা টাইটানিক চলচ্চিত্ৰখনৰ মুখ্য অভিনেতা লিওনাৰ্ড’ ডিকাপ্ৰিঅ'ই ইউক্ৰেইনক বৰ্তমানৰ দুখজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১০ মিলিয়ন ইউ এছ ডলাৰৰ সাহাৰ্য আগবঢ়াইছে (Leonardo DiCaprio on Russia Ukraine war) । লিওনাৰ্ড’ৰ আইতাক ইউক্ৰেইনৰ ওডেছাৰ বাসিন্দা আছিল । সেইকাৰণে লিওনাৰ্ড’ৰ ইউক্ৰেইনৰ প্ৰতি এক বিশেষ আকৰ্ষণ আছে । ইউক্ৰেনে এতিয়ালৈকে ৱৰ্ল্ড বেংকৰ পৰা 720 নিযুত ডলাৰ সাহায্য লাভ কৰিছে ।

Ukraine
ৰাছিয়াৰ ইউক্ৰেইন বিৰোধী বিদ্ৰোহী ৰূপ

Ukrinform এক প্ৰতিবেদন অনুসৰি, ৰাছিয়াৰ আক্ৰমণৰ মাজতে লিওনাৰ্ড’ৱে ইউক্ৰেইন চৰকাৰলৈ ১০ মিলিয়ন আমেৰিকান ডলাৰ (১ কোটি ডলাৰ) স্থানান্তৰ কৰিছে । প্ৰতিবেদনখনত আৰু কোৱা হৈছে যে অভিনেতাজনে ৰাছিয়াৰ এই অমানৱীয় আক্ৰমণকো সমালোচনা কৰিছে ( (Leonardo DiCaprio on war))। ইউক্ৰেইনক আৰ্থিকভাৱে সহায় কৰিবলৈ বহুতো চেলিব্ৰিটী আগবাঢ়ি আহিছে । আনকি, ইউক্ৰেইনত জন্ম গ্ৰহণ কৰা চেলিব্ৰিটীসকলো তেওঁলোকৰ দেশৰ পৰিস্থিতি উন্নত কৰিবলৈ স্বদেশলৈ উভতি গৈছে ।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লডিমিৰ জেলেনস্কিয়ে বিশ্বৰ পৰা সামৰিক আৰু বিত্তীয় দুয়োধৰণৰ সাহায্যৰ বাবে আহ্বান জনাইছে, কিয়নো আক্ৰমণৰ পিছত ইউক্ৰেইন বৃহৎ লোকচানৰ সন্মুখীন হৈছে । Ukrinform এ কৈছে নেশ্যনেল বেঙ্ক অফ ইউক্ৰেইন-এ ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীক সমৰ্থন কৰিবলৈ এক বিশেষ একাউণ্ট সৃষ্টি কৰিছে য’ত সমগ্ৰ বিশ্বৰ পৰা সহায় লাভ কৰিছে দেশখনে ৷

লগতে পঢ়ক: প্ৰাক্তন মিছ ইউক্ৰেইন আনাস্তাছিয়া লেনা জপিয়াই পৰিছে যুদ্ধত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.