ETV Bharat / sitara

সুশান্তৰ মৃত্যুৰ সময়ত মৌন হৈ ৰৈছিল একালৰ প্ৰেয়সী কীৰ্তি সেনন !

author img

By

Published : Mar 20, 2021, 6:16 PM IST

সঁচাকৈয়ে প্ৰেমৰ বান্ধোনেৰে বান্ধ খাইছিল নেকি বলীউডৰ অভিনেত্ৰী কীৰ্তি সেনন আৰু প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত ! সুশান্তৰ মৃত্যুৰ সময়তো কিয় নীৰৱ হৈ আছিল কীৰ্তি ! অভিনেতাগৰাকীৰ মৃত্যুৰ প্ৰায় ৯ মাহৰ পিছত সকলো কথা বিৱৰি ক'লে অভিনেত্ৰী কীৰ্তিয়ে ।

সুশান্তৰ মৃত্যুৰ সময়তো কিয় নিৰৱ হৈ আছিল কীৰ্তি ?

চিটাৰা ডেস্ক,২০ মাৰ্চ: বলীউডৰ অভিনেত্ৰী কীৰ্তি সেনন আৰু প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মাজৰ সম্পৰ্কই এসময়ত যথেষ্ট চৰ্চা লাভ কৰিছিল । কিন্তু সুশান্তৰ মৃত্যুৰ সময়ত কীৰ্তিয়ে সমগ্ৰ পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখিছিল । তেওঁ এনেদৰে আঁতৰি থকাৰ কাৰণ শেহতীয়াকৈ ৰাজহুৱা কৰিছে । সংবাদ মাধ্যমৰ আগত কীৰ্তিয়ে প্ৰকাশ কৰিছে যে, সুশান্তৰ মৃত্যুৰ বাতৰিয়ে তেওঁক ম্ৰিয়মান কৰিছিল ।

তাৰ পিছত সুশান্তৰ মৃত্যুক লৈ সংবাদ মাধ্যমত সঘনাই প্ৰচাৰিত হোৱা বাতৰিসমূহৰ বাবেই কীৰ্তি আঁতৰি আছিল । এতিয়া ঘটনাটো সংঘটিত হোৱাৰ প্ৰায় ৯ মাহৰ পিছত মনৰ কথা প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে । উল্লেখ্য যে, 'ৰাবটা' ছবিত কাম কৰি থকাৰ সময়তে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল । কিন্তু তেওঁলোকে কেতিয়াও এই সম্পৰ্কৰ কথা ৰাজহুৱা কৰা নাছিল ।

সুশান্তৰ মৃত্যুৰ পিছত কিয় নীৰৱ হৈ আছিল বুলি সোধা প্ৰশ্নৰ উত্তৰত কীৰ্তিয়ে কয় যে, সেই সময়ত নেতিবাচক কথা-বাৰ্তাৰে সমগ্ৰ পৰিস্থিতি বিৰাজ কৰিছিল আৰু কীৰ্তিয়ে এইবোৰৰ সৈতে নিজৰ নাম সাঙোৰ খোৱাতো বিচৰা নাছিল । কীৰ্তিয়ে লগতে কয় যে, সেই সময়ত মানুহে সংবেদনশীল হোৱা বাদ দিছিল । নিজে অনুভৱ কৰি থকা কথাবোৰ আনৰ সৈতে পাতিবলৈ প্ৰয়োজনীয়তা অনুভৱ কৰা নাছিল বুলিও জানিবলৈ দিয়ে অভিনেত্ৰীগৰাকীয়ে ।

যোৱা জানুৱাৰী মাহত কীৰ্তিয়ে সুশান্তৰ জন্ম দিনত এখন ফটো শ্বেয়াৰ কৰি তেওঁক স্মৰণ কৰিছিল । উল্লেখ্য যে, বিগত বৰ্ষৰ ১৪ জুনত সুশান্তক তেওঁৰ বান্দ্ৰাস্থিত এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ কৰা গৈছিল । কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক বলীউডৰ অভিনেতাগৰাকীৰ মৃত্যুৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল ।

লগতে পঢ়ক: 'কা' বাতিলৰ দাবীৰে ধেমাজিত ছাত্ৰ সন্থাৰ বাইক ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.