চিটাৰা ডেস্ক,১০ মে': ছবি পৰিচালক অমৰ কৌশিকৰ আহিবলগীয়া ছবি ভেদিয়াই বলীউডৰ তাৰকা বৰুণ ধাৱান আৰু কৃতি সেননক ২০১৫ চনৰ ছবি দিলৱালে লৈ ঘূৰাই লৈ গৈছে । ২০১৫ চনৰে পৰা আৰম্ভ হোৱা কৃতি-বৰুণৰ বন্ধুত্ব এতিয়াও জীয়াই আছে । শেহতীয়াকৈ কৃতিয়ে বৰুণ এতিয়া বিবাহিত বুলি মন্তব্য কৰে । অমৰ কৌশিকৰ আহিবলগীয়া ছবি ভেদিয়াৰ প্ৰথম ভাগ দৃশ্যগ্ৰহণ অৰুণাচল প্ৰদেশৰ জিৰ’ চহৰত সম্পন্ন কৰিছে ।
শেহতীয়া এক সাক্ষাৎকাৰত কৃতিয়ে কয় "আমি একেলগে কাম কৰাৰ ছয় বছৰ হ'ল । মই ভাবো আমি দুয়ো অভিনেতাৰ লগতে ব্যক্তি হিচাপে ডাঙৰ হৈছো । তেওঁ এতিয়া বিবাহিত, কিন্তু তেওঁ এতিয়াও একেই আছে । পূৰ্বৰ তুলনাত বেছিকৈয়ে ধেমালি কৰে" ৷
ভেদিয়াৰ উপৰিও, কৃতিক মিমিত দেখা পোৱা যাব । কৃতিয়ে অক্ষয় কুমাৰৰ সৈতেও একছনধৰ্মী ছবি কমেডী বচ্চন পাণ্ডেত অভিনয় কৰিছে । টাইগাৰ শ্ৰফৰ সৈতে একচন ড্ৰামা গণপথতো অভিনয় কৰিছে ।
লগতে পঢ়ক: কিয় কৰ’ণাত আক্ৰান্ত নহয় ৰাখী শ্বাৱন্ত !