ETV Bharat / sitara

ইৰফান খানঃ ছেলুলয়ডৰ যাদুকৰ

ইৰফান খানে বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে আহি বলিউডত নিজৰ প্ৰতিভাৰ উমান দিছিল । গুণমুগ্ধলৈ তেওঁ দি গ'ল শেষৰটো বাৰ্তা- "Be kind to each other... and yes wait for me"।

author img

By

Published : Apr 30, 2020, 8:11 PM IST

ইৰফান খানঃ ছেলুলয়ডৰ যাদুকৰ
ইৰফান খানঃ ছেলুলয়ডৰ যাদুকৰ

নিউজ ডেস্ক, 30 এপ্ৰিলঃ 2020 চনৰ 29 এপ্ৰিলৰ দিনটো বলিউডৰ বাবে হৈ ৰ'ব এটি দুখৰ দিন । এই দিনটোত খহি পৰিল বলিউডৰ এটি ধ্ৰুব তৰা, যি নিজৰ প্ৰতিভাৰ বলেৰে জিলিকি আছিল বলিউডৰ আকাশত । কেৱল বলিউডৰে নাছিল ইৰফান খান, হলিউড চবিতো নিজৰ প্ৰতিভা দেখুৱাবলৈ সক্ষম হৈছিল, তাকো বিভিন্ন শিতানত অস্কাৰ লাভ কৰা ছবিত ।

1967 চনত ৰাজস্থানৰ খাজুৰীয়া নামৰ এখন সৰু গাঁৱত জন্ম হৈছি ইৰফান খানৰ ।

ইৰফান খানে বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে আহি বলিউডত নিজৰ প্ৰতিভাৰ উমান দিছিল । তেওঁ বিভিন্ন ধাৰাবাহিক চানক্য, ভাৰত এক খ'জ আৰু ছন্দ্ৰকান্তত অভিনয় কৰিছিল । তেনেতে তেওঁ চলচিত্ৰ নিৰ্দেশক মীৰা নায়াৰৰ দৃষ্টি আকৰ্ষণ কৰে । চালাম বম্বেত তেওঁক অভিনয়ৰ সুযোগ দিয়ে ।

তাৰ পাচতে তেওঁ পেৰেলেল ছবি এক ডক্তৰ কী ম'ত, দৃষ্টি, কাৰামাটি কতত অভিনয় কৰে । এনেতে তেওঁ মিলিত হয় লণ্ডনৰ পৰিচালক আচিফ কাপাডিয়াৰ । যাৰ জৰিয়তে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰে । তেওঁ তাৰ সমান্তৰালকৈ বুটলি যায় বলিউডৰো অলেখ প্ৰশংসা । তেওঁ অভিনয় কৰে পান সিং তোমৰ, টলৱাৰ, আন-মেন এট ৱৰ্ক, আদি বিভিন্ন জলপ্ৰিয় ছবিত । পান সিং তোমৰৰ বাবে অভিনেতা জনে লাভ কৰে ফ্লিমফেয়াৰ এৱাৰ্ড ।

2018 চনত অভিনেতা জনৰ শৰীৰত ধৰা পৰে কৰ্কট ৰোগ । সেয়ে তেওঁ চিকিৎসাৰ বাবে কিছুদিন লণ্ডনত থাকে । তাৰ পৰা আহি তেওঁ ক্লান্ত হৈ পৰা দেহাৰেই অভিনয় কৰে অন্তিমখন চিনেমা ইংলিছ মিডিয়ামত । পিছে লকডাউনৰ বাবে ছবিখন হলত মুকলি নহ'ল, অনলাইন যোগে মুকলি দিয়া হ'ল ছবিখন ।

অভিনেতা জনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বলিউডৰ তাৰকা, ভাৰতৰ প্ৰধান মন্ত্ৰীৰ পৰা আৰম্ভ কৰি অসংখ্য অনুৰাগী-গুণমুগ্ধই । কৰীণা কাপুৰ খানে তেওঁক আখ্যা দিছে "বলীউডৰ সৰ্ববৃহৎ খান" ।

উল্লখ্যে যে, পাঁচদিন পূৰ্বে মৃত্যু হৈছিল অভিনেতাজনৰ মাতৃৰ । আৰু পাঁচদিনৰ পাচতে মাতৃ যোৱা বাটেৰেই অচিন দেশলৈ গুচি গ'ল তেওঁ ।

গুণমুগ্ধলৈ তেওঁ দি গ'ল শেষৰটো বাৰ্তা- "Be kind to each other... and yes wait for me"।

তেওঁ কৈছিল, "মই শেষৰ সময়ত আছো, সম্পূৰ্ণ জীৱনটোক যাব দিয়াটো এটা অভিনয়ে হৈছে । কিন্তু সকলোতকৈ এইটো বেয়া লাগে যেতিয়া চিৰ বিদায় (Good Bye) কবলৈ এক মুহূৰ্তও নালাগে ।"

সঁচাকৈয়ে আমি দুখিত ইৰফান!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.