নিউজ ডেস্ক, ১৬ মাৰ্চ: কৰ্কট ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিনৰ বাবে ছবিজগতৰ পৰা আঁতৰি থকা বলিষ্ঠ অভিনেতা ইৰফান খান পুনৰ সাজু হৈছে নতুন ছবিত ভুমুকি মাৰিবলৈ । লণ্ডনত চিকিৎসাধীন হৈ যোৱা মাহত মুম্বাইলৈ ঘূৰি অহা অভিনেতা গৰাকীক শুকুৰবাৰে ছবি নিৰ্মাতা দিনেশ বিজনৰ ছাণ্টা ক্ৰূজস্থিত কাৰ্যালয়ত দেখা যায় ।
তথ্য অনুসৰি ২০১৭ চনত মুক্তি পোৱা হিন্দী মিডিয়ামৰ শ্বিকুৱেল ইংলিছ মিডিয়ামৰ জৰিয়তে ছবিজগতলৈ প্ৰত্যাৱৰ্তন ঘটাব ইৰফান খানে ।