ETV Bharat / sitara

‘Hum Dil De Chuke Sanam’ৰ 22 বছৰীয়া যাত্ৰা... - চলমান খান

22 বছৰ ভৰি দিলে ব্লকবাষ্টাৰ (Blockbuster) বলীউড ছবি ‘হম দিল দে চ্যুকে চনম’ (Hum Dil De Chuke Sanam)য়ে ৷ এই শুভক্ষণত অভিনেতা অজয় দেৱগন (Ajay Devgn), চলমান খান (Salman Khan), নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালী (Sanjay Leela Bhansali)কে ধৰি ছবিখনৰ সৈতে জড়িত সকলো কলা-কুশলীয়ে দৃশ্যগ্ৰহণৰ সময়ত তোলা ফটো শ্বেয়াৰ কৰি স্মৃতি ৰোমান্থন কৰা পৰিলক্ষিত হৈছে ৷

hum dil de chuke sanam 22 years
হম দিল দে চ্যুকে চনমৰ 22 বছৰ
author img

By

Published : Jun 18, 2021, 9:50 PM IST

চিটাৰা ডেস্ক,18 জুন : বলীউড চুপাৰষ্টাৰ অজয় দেৱগন (Ajay Devgn), চলমান খান (Salman Khan) আৰু ভাঞ্চালী প্ৰডাকচনছ (Bhansali Productions)য়ে শুকুৰবাৰে ছ’চিয়েল মিডিয়াযোগে ব্লকবাষ্টাৰ (Blockbuster) ছবি ‘হম দিল দে চ্যুকে চনম’ (Hum Dil De Chuke Sanam)ৰ দৃশ্যগ্ৰহণৰ সময়ত তোলা ফটো শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে ৷ কিয়নো ছবিখনে সম্পূৰ্ণ কৰিলে সফলতাৰ 22 টা বছৰ ৷

এই শুভক্ষণত ছ’চিয়েল মিডিয়াযোগে ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ৰ স্মৃতিক সুঁৱৰিছে সকলো কলা-কুশলীয়ে ৷ 1999 চনত মুক্তিলাভ কৰা ৰোমাণ্টিক-ড্ৰামা-মিউজিকেল ‘হম দিল দে চ্যুকে চনম’ ছবিখনৰ কাহিনীটো এটা ত্ৰিকোণীয়া (Love Triangle) প্ৰেমকাহিনী ৷ মুখ্য চৰিত্ৰ সমীৰ (চলমান খান), নন্দিনী (ঐশ্বৰ্য ৰায় বচ্চন) আৰু বনৰাজ (অজয় দেৱগন)ৰ মাজত আধাৰিত আছিল এই প্ৰেম কাহিনী ৷

1996 চনত প্ৰথমবাৰৰ বাবে পৰিচালক হিচাপে কাম কৰা সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ‘খামোচী : দ্যা মিউজিকেল’ (Khamoshi: The Musical)ৰ পাচত এইখন তেওঁৰ পৰিচালনাত নিৰ্মিত দ্বিতীয়খন জনপ্ৰিয় ছবি আছিল ৷ সেই সময়চোৱাত মুক্তিলাভ কৰাৰ পাচত দৰ্শকৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰিছিল হম দিল দে চ্যুকে চনমে ৷ ছ’চিয়েল মিডিয়াযোগে ফটো শ্বেয়াৰ কৰি অজয় দেৱগনে কয় যে, ‘হম দিল দে চ্যুকে চনম’ৰ 22 বছৰ হ’ল ৷ তেওঁ কেতিয়াও ভবা নাছিল যে ছবিখনে বলীউডত এক ইতিহাস ৰচনা কৰিব ৷

উল্লেখ্য যে, ভাঞ্চালীৰ পৰিচালনা, Shemaroo Entertainment আৰু Eros Internationalৰ বেনাৰত নিৰ্মিত এই ছবিখনে বলীউডত বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ছবিখনৰ ‘আঁখো কি গুস্তাখিয়া’, ‘ঢোল বাজে’ আৰু ‘তড়প তড়প’ আদি গানে অধিক জনপ্ৰিয় কৰি তোলে ছবিখনক ৷ গীতৰ কথা আছিল মেহবুব (Mehboob) আৰু গীতিকাৰ আছিল ইছমাইল দৰবাৰ (Ismail Darbar) ৷ ‘নেশ্যনেল এৱাৰ্ড ফৰ মিউজিক’ (National Award for Music), চিনেমেট’গ্ৰাফী, কৰিঅ’গ্ৰাফী আৰু প্ৰডাকচন ডিজাইন (Production Design) আদি শিতানৰ লগতে আন বহুকেইটা বঁটা লাভ কৰিছে এই ছবিখনে ৷

ছবিখনৰ দৃশ্যগ্ৰহণৰ আঁৰৰ কিছু মূহুৰ্ত শ্বেয়াৰ কৰি টুইটাৰযোগে ভাঞ্চালী প্ৰডাকচনছ (Bhansali Productions)য়ে কয় যে, এই ছবিখনৰ সৈতে বহু স্মৃতি সজীৱ হৈ আছে ৷ বনৰাজ, নন্দিনী আৰু সমীৰৰ স্মৃতি ৰোমান্থন কৰি ‘হম দিল দে চ্যুকে চনম’ৰ 22 বছৰীয়া যাত্ৰা উদযাপন কৰা বুলি মন্তব্য কৰে প্ৰডাকচনে ৷

আনহাতে চলমান খানে এই শুভক্ষণত পুৰণি ফটো শ্বেয়াৰ কৰি কয় যে, ‘হম দিল দে চ্যুকে চনম’ৰ 22 টা বছৰ সম্পূৰ্ণ হ’ল ৷ ফটোখনত চলমানে ভাঞ্চালীৰ ফালে চাই হাঁহি মাৰি থকা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : প্ৰথমখন ৱেব চিৰিজত অজয় দেৱগনে পাব 125 কোটি টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.