চিটাৰা ডেস্ক,4 ডিচেম্বৰঃ ছবি নিৰ্মাতা সিদ্ধাৰ্থ আনন্দৰ আগন্তুক ছবিৰ বাবে স্বাক্ষৰ কৰা হৈছে বলিউড চুপাৰষ্টাৰ হৃত্বিক ৰোশনক ৷ অভিনেতা তথা ছবি নিৰ্মাতা সিদ্ধাৰ্থ আনন্দে ইয়াৰ পূৰ্বে 2019 ‘ৱাৰ’ ছবিখন নিৰ্মান কৰিছিল ৷ আৰু ইয়াৰ পিছতেই পুনৰবাৰ হৃত্বিকৰ সৈতে পুনৰ এখন এৰিয়েল এক্সন থ্ৰিলাৰত একেলগে কাম কৰাৰ বাবে আগবাঢ়িছে সিদ্ধাৰ্থে ৷
প্ৰাপ্ত তথ্য অনুসৰি, সিদ্ধাৰ্থৰ আগন্তুক ছবি ‘ফাইটাৰ’ত অভিনয়ৰ বাবে বাবে ইতিমধ্যে সন্মতি প্ৰদান কৰিছে অভিনেতা হৃত্বিক ৰোশনে ৷ ‘বেংগ বেংগ’ আৰু ‘ৱাৰ’ৰ পিছত দুয়োগৰাকীয়ে তৃতীয়বাৰৰ বাবে একলগে কাম কৰাৰ বাবে আগবাঢ়িছে ৷
সম্প্ৰতি 2021 বৰ্ষৰ দিৱালী পৰ্যন্ত শ্বাহৰুখ খান অভিনীত ছবি ‘পাঠান’ৰ কামত ব্যস্ত হৈ আছে ছবি নিৰ্মাতা গৰাকী ৷ এই ছবিখনৰ মুক্তিলাভৰ পিছতেই ‘ফাইটাৰ’ শ্বুটিং আৰম্ভ কৰিব সিদ্ধাৰ্থ আনন্দে ৷ সম্প্ৰতি সিদ্ধাৰ্থ, তেখেতৰ টিম আৰু হৃত্বিকে লক ডাউনৰ সদ ব্যৱহাৰ কৰি ‘ফাইটাৰ’ৰ স্ক্ৰীণপ্লেৰ কাম অব্যাহত ৰাখিছে ৷ ছবিখনত হৃত্বিকক কেতিয়াও দেখিবলৈ নোপোৱা এটি ৰূপত দৰ্শকে দেখিবলৈ পাব ৷
উল্লেখ্য যে, সকলো সুকলমে থাকিলে 2022 বৰ্ষ শেষত ছবিখনে মুক্তিলাভ কৰবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ ‘ফাইটাৰ’ৰ উপৰিও হৃত্বিকৰ তালিকাত ‘ক্ৰীছ 4’ আৰু ‘ৱাৰ’ৰ চিকুৱেল অন্তৰ্ভূক্ত হৈ আছে ৷