চিটাৰা ডেস্ক, ২৭ এপ্ৰিলঃ ছ'চিয়েল মিডিয়াত এতিয়া হৃতিক ৰোশন অনুৰাগীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে হৃতিকৰ এখন ফটোৱে । লক ডাউনৰ মাজতেই দুটি সন্তান হৃধান আৰু হৃহানৰ লগতে প্ৰাক্তন পত্নী চুজেন খানৰ সৈতে সময় অতিবাহিত কৰিছে অভিনেতাগৰাকীয়ে ।
এই মধুৰ ক্ষণৰে এখন ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল প্ৰাক্তন পত্নী চুজেন খানে । য'ত ফটোখনত দুই সন্তানৰ সৈতে দেখা পোৱা গৈছে অভিনেতা হৃতিক ৰোশনক । ইয়াৰ পাচতেই ফটোখনক লৈ চৰ্চা বৃদ্ধি পাইছিল অনুৰাগীৰ মাজত । কাৰণ ফটোখনত হৃতিকৰ হাতত চিৰাগেট জ্বলাই লৈ থকা যেন দেখা পোৱা গৈছিল ।
ইয়াৰ পাচতেই হৃতিকৰ অনুৰোগীয়ে বহু কমেণ্ট কৰিবলৈ লয় ফটোখনক লৈ । ইয়াৰে ভিতৰত এজন অনুৰাগীয়ে লিখে, হৃতিকৰ হাতত চিগাৰেট আছে নেকি, নে মই ভুল দেখিছো ? মই আশা কৰো এইজন @iHrithik নহয় । ইয়াক লৈ মই বহুত দুঃখিত ।
অনুৰাগী জনৰ এই কমেণ্টৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেতাগৰাকীয়ে কয়, মই এজন অ-ধূমপানকাৰী । সঁচাকৈ মই ক্ৰীছ হ'লো হয় তেন্তে এই ভাইৰাছ নিৰ্মূল কৰাৰ পাচতেই প্ৰথমে এই গ্ৰহৰ পৰা প্ৰতিটো শেষ চিগাৰেট নষ্ট কৰি দিলো হয় ।
ইয়াৰ পাচতেই পুনৰ অনুৰাগীজনে টুইট কৰি আশ্চয্যকৰ প্ৰকাশ কৰি কয়, মোৰ বিশ্বাস হোৱা নাই মোক দ্বিতীয়বাৰৰ আপুনি উত্তৰ দিছে । মই বহুত সুখী অনুভৱ কৰিছো । মই জানো আপুনি ধূমপান নকৰে । কিন্তু বহুতে মন্তব্য কৰিছিল যাক লৈ চিন্তিত হৈ পৰিছিলো । আপোনাৰ প্ৰতি থকা চিন্তা আৰু ভাল পোৱাৰ বাবেই এই প্ৰশ্ন কৰিছিলো । উত্তৰ দিয়াৰ বাবে বহুত-বহুত ধন্যবাদ । বহুত ভাল পাও আপোনাক ।
লক ডাউনৰ মাজতেই মানিসিক ভাৱে সুস্থ থাকিবলৈ অভিনেতাগৰাকীয়ে কেইটামান উপায় আগবঢ়াইছে । মানসিক স্থিৰতাৰ বাবে ভিটামিন ডি ৰ এটা ড'ছ দৈনিক সেৱন কৰিবলৈ পৰামৰ্শ আগবঢ়াই অভিনেতাগৰাকীয়ে ।