ETV Bharat / sitara

Happy Birthday Twinkle Khanna : মালদ্বীপত পত্নীৰ জন্মদিন উদযাপন কৰিলে খিলাড়ী কুমাৰে

'not so lovey-dovey on social media, yet so perfect in personal life', এনেদৰেই সকলোৰে মাজত খুবেই আদৰৰ অক্ষয় আৰু টুইংকল ৷ অক্ষয় টুইংকলৰ বৈবাহিক জীৱনৰ সৰু-বৰ যিকোনো কথাই যথেষ্ট আমোদ প্ৰদান কৰে অনুৰাগীক ৷ আজি টুইংকলৰ 47 বছৰীয়া জন্মদিনত ছ’চিয়েল মিডিয়াৰ জৰিয়তে অক্ষয়ে যাচিলে শুভেচ্ছা ৷ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা মোহময়ী টুইংকল খান্নালৈ থাকিল জন্মদিনৰ অফুৰন্ত শুভেচ্ছা...

author img

By

Published : Dec 29, 2021, 1:09 PM IST

akki wishes happy bdy to wife
অৰ্ধাংগিনীলৈ জন্মদিনৰ শুভেচ্ছাবাৰ্তা খিলাড়ী অক্ষয় কুমাৰৰ

চিটাৰা ডেস্ক, 29 ডিচেম্বৰ : বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী টুইংকল খান্নাৰ আজি জন্মদিন ৷ অভিনেত্ৰীৰ লগতে একেধাৰে এগৰাকী লেখক, স্তম্ভলেখক, ইণ্টেৰিঅ’ৰ ডিজাইনাৰ আৰু চলচিত্ৰ প্ৰযোজক হিচাপে আন আন পৰিচয়ৰেও খ্যাত বলীউডৰ খিলাড়ী অক্ষয় কুমাৰৰ পত্নী টুইংকল খান্না ৷

অক্ষয়ৰে বিয়াৰ পিছত বলীউডক বিদায় জনাই টুইংকলে সুন্দৰকৈ চলাই নিছে বৈবাহিক জীৱন ৷ বলীউড এৰাৰ সিদ্ধান্ত সম্পূৰ্ণই ব্যক্তিগত আছিল বুলি টুইংকলে পূৰ্বতেই প্ৰকাশ কৰিছিল ৷

Akki Wishes Happy Birthday to Wife

আজি 47 বছৰত ভৰি দিলে লেখিকা টুইংকল খান্নাই ৷ দুটাকৈ সন্তানৰে সুখৰ সংসাৰ টুইংকলৰ ৷ 47 বছৰীয়া পত্নীৰ জন্মদিন উপলক্ষে অক্ষয়ে ইনষ্টাগ্ৰামত লিখিলে এনেদৰে, "With you by my side, even the blues are easy to take in my stride... Happy birthday Tina" ৷ দুটাকৈ Red Heart Emoji ৰে স্বামীৰ শুভেচ্ছাৰ উত্তৰ দিলে টুইংকলে ৷

বৰ্তমান দুয়োৱে মালদ্বীপত ব্যক্তিগত সময় উপভোগ কৰিছে ৷ ফটোত পতি-পত্নী দুয়োকে নীলা ৰঙৰ পোছাক পৰিধান কৰা দেখা গৈছে ৷

শেহতীয়াকৈ When I Grow Up I Want To Be... নামৰ কিতাপখনৰ দ্বিতীয় খণ্ড প্ৰকাশ কৰিছে টুইংকলে ৷ আনহাতে, Raksha Bandhan, Bachchan Pandey, Ram Setu, Prithviraj আৰু OMG 2 ৰ দৰে নতুন ছবিৰ বাবে প্ৰস্তুতি চলাই আছে অক্ষয় কুমাৰে ৷

লগতে পঢ়ক : বিকী কৌশলৰ বাইকৰ পিছৰ ছিটত কেটৰীণাৰ পৰিৱৰ্তে বহিল ছাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.