চিটাৰা ডেস্ক, 22 মাৰ্চ: গলি বয় ছবিখনত ইণ্ডিয়া 91 গানটোত কণ্ঠদান কৰা ৰেপাৰ ধৰ্মেশ পাৰমাৰৰ অকস্মাতে মৃত্যু ঘটে (Gully Boy rapper died) ৷ ছবিখনত অভিনয় কৰা অভিনেতা ৰণবীৰ সিং আৰু সিদ্ধান্ত চতুৰ্বেদীয়ে ২৪ বছৰ বয়সত মৃত্যু হোৱা ৰেপাৰগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
ৰেপাৰ ধৰ্মেশ পাৰমাৰ এম.চি টডফড হিচাপে জনাজাত আছিল ৷ তেওঁৰ মৃত্যুত ভাগি পৰিছে গলি বয় ছবিখনৰ কলা-কুশলীসকল ৷ ৰণবীৰ সিঙে নিজৰ ইন্ষ্টাগ্ৰাম ষ্টোৰীত ধৰ্মেশৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁলৈ শেষ শ্ৰদ্ধাঞ্জলি জনালে ৷
সিদ্ধান্ত চতুৰ্বেদীয়েও গুজৰাটী ৰেপাৰজনৰ সৈতে তেওঁৰ কথোপকথনৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি শোক প্ৰকাশ কৰিছে ৷ তেওঁলোকৰ কথা বতৰাত ইজনে আনজনক সংগীত আৰু প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰা দেখা যায়।
- " class="align-text-top noRightClick twitterSection" data="
">
গলি বয় ছবিখনৰ পৰিচালক জয়া আখটাৰেও ধৰ্মেশৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ইনষ্টাগ্ৰামৰ জৰিয়তে । ৰেপাৰজনৰ এখন ফটো শ্বেয়াৰ কৰি জয়াই তেওঁ অতি সোনকালেই আঁতৰি গ’ল বুলি দুখ প্ৰকাশ কৰিছে, লগতে নিজকে ধন্য মানিছে ধৰ্মেশৰ সৈতে কাম কৰিবলৈ পাই ৷
এম.চি টডফডৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে প্ৰকাশ কৰা হোৱা নাই ( MC Todfod passes away) । মুম্বাইস্থিত হিপ হপ কালেক্টিভ স্বদেশীৰ সৈতে জড়িত আছিল ধৰ্মেশ পাৰমাৰ ।
লগতে পঢ়ক: Riteish Genelia latest news: ভাৰত এৰি ৰিতেশ-জেনেলিয়া ইংলেণ্ড পালেগৈ